ASSAM TIMES POST
ডিফু:কাৰবি আংলঙত সক্ৰিয় হৈ থকা দা পিপুলছ ডেমক্ৰেটিক কাউঞ্চিল অফ কাৰবি লংৰি চমুকৈ পিডিচিকেৰ শিৱিৰত আজি মোক্ষম আঘাত হানি চিএনচি আৰু চাৰ্জেণ্ট সহ চাৰিজনকৈ দূৰ্ধৰ্ষ কেডাৰক কাৰবি আংলঙ আৰক্ষী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

প্ৰাপ্ত খবৰ অনুসৰি ডকমকা থানাৰ ১৯ /২০২০ গোছৰ নম্বৰৰ ভিত্তিত ডকমকাৰ তাৰাবাছাৰ গভীৰ অৰণ্য এলেকাত বোকাজানৰ এছডিপিঅ’ আৰু কাৰবি আংলং জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক ( মুখ্য) ৰ নেতৃত্বত জিলাখনৰ বিভিন্ন থানাৰ অচি আৰু আইচি ষ্টাফ, চিডিঅ’ ,বেটেলিয়েন আৰু চিআৰপিএফৰ যুটীয়া অভিযানত পিডিচিকেৰ চাৰিজনকৈ দূৰ্ধৰ্ষ কেডাৰ আটক কৰিবলৈ সক্ষম হয়
৷ আটকাধীন ফ্ৰাঞ্চিছ তেৰাঙ ওৰফে ডেভিদ মুক্ৰাং পিডিচিকে প্ৰাক্তন সেনাধ্যক্ষ আৰু বৰ্তমান সংগঠনটোৰ গৃহ সচিব, নমন ঋষি ৰেংমা ওৰফে আখাবি ৰেংমা হ’ল ছাৰ্জেণ্ট, ৰজভেল্ট ইংতি ( ১৮) আৰু আংতং ৰংপি হ’ল নতুনকৈ ভৰ্তি হোৱা সদস্য ৷আটকাধীন পিডিচিকেৰ সদস্য কেইজনৰ পৰা অভিযানকাৰী দলটোৱে দুটাকৈ 7°65 পিষ্টল, ১০ জাঁই সজীৱ গুলী নগদ প্ৰায় ৩ লাখ টকা, এটা লেপটপ ইউনিফৰ্ম, হাণ্টিং শ্বু , মবাইল ফোন, টৰ্চ লাইট আৰু বহু অাপত্তি জনক নথিপত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
উল্লেখ যোগ্য যে যোৱা ২ জুনত কাৰবি আংলং আৰক্ষীয়ে AK চিৰিজৰ অত্যাধুনিক মাৰণাস্ত্ৰসহ অাটক কৰিছিল তিনিজনকৈ দুৰ্ধৰ্ষ গঁড় চিকাৰীক ৷ জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয়যে, জিলা খনত পিডিচিকেৰ অস্থিত্ব প্ৰায় নাই বুলি কব পাৰি আনহাতে জিলাখনৰ বাহিৰত পিডিচিকেৰ গতিবিধিৰ বিষয়ে তেওঁ নাজানো বুলি মন্তব্য কৰে ৷













