ASSAM TIMES POST
ডিফু : শনিবাৰে ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাহাৰীয়া জিলা কাৰবি আংলঙৰ উত্তীৰ্ণৰ শতকৰা হাৰ ৫৩’১১ শতাংশ ৷ আজি অনলাইন যোগে ঘোষণা কৰা ফলাফল হিছাপে কাৰবি আংলঙ জিলাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ১৪০১৩ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈ ৭৪৪৩ গৰাকী উত্তীৰ্ণ হবলৈ সক্ষম হয় ৷ ইয়াৰে প্ৰথম বিভাগত উত্তীৰণ হয় ৯৮৩, দ্বিতীয় বিভাগত ২৪৪৫ আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৪০০৫ গৰাকী ছাত্ৰ- ছাত্ৰী ৷
আনহাতে প্ৰাপ্ত খবৰ অনুসৰি কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ কেইখন মান ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ তালিকাত ক্লিৰদাপ শঙ্কৰ দেৱ শিশু বিদ্যা নিকেতন, ডনবস্ক’ হায়াৰছেকেণ্ডাৰী স্কুল, প্ৰেছবাইটেৰিয়েন মিছন হাইস্কুল, বদন মেম’ৰিয়েল স্কুল, লিটুল কিডছ স্কুল, মাউণ্ট কালভাৰী স্কুল, ছেণ্ট মেৰিজ হাইস্কুলৰ উত্তীৰ্ণৰ হাৰ সন্দৰ্ভত এই প্ৰতিবেদনত উল্লেখ কৰা হ’ল ৷
ইয়াৰে ক্লিৰদাপ শঙ্কৰ দেৱ শিশু বিদ্যা নিকেতনৰ অলিন্দিতা কলিতাই ৫৮৪ নম্বৰ পাই ৰাজ্যৰ ভিতৰত দশম স্থান পায় জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে লগতে বিদ্যালয়খনৰ ৰাজদীপ শৰ্মা ৮৮’৫%, দিক্ষিতা হালৈ ৯২%, আৰু মায়াশ্ৰী ডেকাই ৯২’৫শতাংশ নম্বৰ পাই ডিষ্টিংছন লাভ কৰাৰ বিপৰীতে বিদ্যালয়খনত প্ৰংথম বিভাগত ১২, দ্বিতীয় বিভাগত ৭ আৰু তৃতীয় বিভাগত ৬ গৰাকী উত্তীৰণ হয় ৷
ডনবস্ক’ হায়াৰ ছেকেণ্ডাৰী স্কুলত ১০০ শতাংশ উত্তীৰণ হয় ইয়াৰে ডিষ্টিংছনসহ উত্তীৰ্ণ হোৱা ৮ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰী ক্ৰমে, ম’লী শীল ৯৩’৩৩ %, অনিতা ছেত্ৰী ৮৯’৫০%, পল বৰা ৮৮’৩৩%, ৰূপতালীন তেৰাঙপী ৮৬’৮৩%, ভুহান ছেত্ৰী ৮৫’৮৩% ছাৰকুৰু তেৰাঙ ৮৫% , মিৰবন হাঞ্চেপী ৮৫’৩৩ আৰু ৰাণী নায়ক ৮৫’৮৩ শতাংশ ৷ প্ৰথম বিভাগত ২৭, দ্বিতীয় বিভাগত ২৬ আৰু তৃতীয় বিভাগত ৯ গৰাকী উত্তীৰ্ণ হৈ বিদ্যালয়খনৰ সফলতাৰ ধাৰাবাহিকতা অব্যাহত ৰাখিবলৈ সক্ষম হয় ৷
আনখন বিদ্যালয় ডিফুৰ মাউণ্ট কালভাৰী স্কুলতো ডিষ্টীংছনসহ উত্তীৰ্ণ হোৱা ৮ গৰাকী ছাত্ৰ-ছাত্ৰী ক্ৰমে, দিপাঙ্কৰ চক্ৰৱৰ্তী ৮৯’৩৩%, নভনীল দে’, ৮৫’৮৩ %, ৰাজকৰ ৯০’৬৬%, সন্দীপ চৌধুৰী ৯৪’১৬%, বিথিকা পাল ৯২’৩৩% , কাছৰিংদী জিগদুঙ৮৫’৫৫%, ভায়লিনা কাশ্যপ ৮৫ % আৰু শ্ৰেয়াশ্ৰী গুপ্তাই ৯১’৮৩ শতাংশ নম্বৰ লাভ কৰে ৷ বিদ্যালয়খনত মুঠ পৰীক্ষাৰ্থী অৱতীৰ্ণ হয় ৫৭, উত্তীৰ্ণ হয় ৫৫, উত্তীৰ্ণৰ শতকৰা হাৰ ৯৬’৪৯ শতাংশ, ইয়াৰে প্ৰথম বিভাগত ৩৭, দ্বিতীয় ১৭ আৰু তৃতীয় বিভাগত ১ জন উত্তীৰ্ণ হয় ৷
লিটুল কীডছ স্কুলত প্ৰথমবাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা হয় আৰু দেমেত ৰংপিপী নামৰ ছাত্ৰীগৰাকী ডিষ্টীংছন লাভ কৰিবলৈ সক্ষম হয় ৷ ১০০ শতাংশ ফলাফলেৰে উজলি উঠা বিদ্যালয়খনত প্ৰথম বিভাগত ৬ জন আৰু দ্বিতীয় বিভাগত ৩ গৰাকী উত্তীৰ্ণ হয় ৷ বদন মেম’ৰিয়েল হাইস্কুলত ১০০ শতাংশ ফলাফলেৰে প্ৰথম ১০, দ্বিতীয় ১৬ আৰু তৃতীয় বিভাগত ২৯ গৰাকী উত্তীৰ্ণ হয় ৷ প্ৰেছবাইটেৰিয়েন মিছন হাইস্কুলত উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ ৷ ইয়াৰে প্ৰথম বিভাগত ১৪, দ্বিতীয় বিভাগত ১১৯ আৰু তৃতীয় বিভাগত ৩ গৰাকী উত্তীৰ্ণ হয় ৷ আনহাতে, ছেণ্ট মেৰিজ ইংলিছ হাইস্কুলত ৩০ গৰাকী অৱতীৰ্ণ হৈ প্ৰথম বিভাগত ৫ আৰু দ্বিতীয় বিভাগত ২২ গৰাকী উত্তীৰ্ণ হয় ৷













