ASSAM TIMES POST
ডিফুৰ পৰা ছাইদুল ইছলাম
ডিফু : হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২০ত ৰাজ্যৰ ভিতৰত দশম স্থান অধিকাৰ কৰা ডিফু শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী অলিন্দিতা কলিতাক ‘আছাম টাইমছ পষ্ট’ৰ তৰফৰ উষ্ম সম্বৰ্ধনা জনোৱা হয় ৷ ‘আছাম টাইমছ পষ্ট’ৰ সম্পাদক কামৰুল খানে ডিফুস্থিত অলিন্দিতাৰ বাসগৃহত উপস্থিত হৈ কৃতীমান ছাত্ৰীগৰাকীক এটি ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱাৰ লগতে মৰমৰ চিন স্বৰুপে নগধ ৫০০০ হাজাৰ টকাৰ উপহাৰ প্ৰদান কৰে ৷ সম্পাদক কামৰুল খানে অলিন্দিতাক অভিনন্দন জনাই তাইৰ উজ্জল ভৱিষ্যত কামনা কৰে ৷













