ASSAM TIMES POST
আছুৰ উষ্ম সম্বধৰ্না
ডিফু : হাইস্কুল শিক্ষান্ত পৰীক্ষাত সময় আৰু ঘৰুৱা টিউছনক প্ৰাধান্য নিদিয়া নিদিয়া ডিফুৰ জীয়ৰী অলিন্দিতা কলিতাই অসমৰ ভিতৰত লাভ কৰিবলৈ সক্ষম হ’ল দশম স্থান ৷ পাহাৰীয়া জিলাৰ লগতে ডিফুলৈ কঢ়িয়াই আনিল ঈপ্সিত গৌৰৱ ৷ স্বাভাৱিকতে অলিন্দিতাৰ পৰিয়াল বৰ্গ আৰু শঙ্কৰদেৱ শিশু বিদ্যানিকেতনৰ শিক্ষক-শিক্ষয়িত্ৰী কৰ্তৃপক্ষ অলিন্দিতাৰ সফলতাৰ বাবে আনন্দত আত্মহাৰা হৈ পৰিল ৷ আছাম টাইমছ পষ্টৰে সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত অলিন্দিতা কলিতাই এফালৰ ব্যক্ত কৰি যায় নিজৰ সফলতাৰ আঁৰৰ কাহিনী ৷ অতিশয় নম্ৰ, আৰু ভদ্ৰ স্বভাৱৰ ছাত্ৰী অলিন্দিতা কলিতাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হবলৈ কোনো ধৰণৰ ঘৰুৱা টিউছন নোলেৱাকৈ আৰু অধ্যয়ণৰ বাবে কোনো সুকীয়া ৰুটিন বা সময়ক প্ৰাধান্য নিদিয়াকৈ কঠোৰ অধ্যাৱসায়ৰ জৰিয়তে এই ফলাফল লাভ কৰিবলৈ সক্ষম হৈছিল বুলি মন্তব্য কৰে ৷
পিতৃ- মাতৃ আৰু বিদ্যা নিকেতনৰ আচাৰ্য আৰু আচাৰ্যা সকলে তেওঁৰ সফলতাৰ বাবে সমানে অনুপ্ৰেৰণা যোগাইছিল বুলি কয় ৷ পাঠভিত্তিক যিকোনো বিষয় বুজি নাপালে আচাৰ্য সকলে সুন্দৰভাবে বুজাই দিছিল আৰু তেওঁ সেইবোৰ গুৰুত্ব সহকাৰে আয়ত্ত কৰিছিল বুলি কয় ৷ ভৱিষ্যত্যলৈ ডিফুতে থাকি বিজ্ঞান শাখাত নাম ভৰ্তি কৰি এগৰাকী সুচিকিৎসক হোৱাৰ মন মেলা অলিন্দিতা কলিতাই সফলতা শীৰ্ষত আৰোহন কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিবলৈ ভৱিষ্যত প্ৰজন্মৰ প্ৰতি আহ্বান জনাইছে ৷
৫৮৪ নম্বৰ লাভ কৰি অসমৰ ভিতৰত দশম স্থান লাভ কৰা অলিন্দিতাই বিষয় ভিত্তিক হিচাপে অসমীয়ত ৯৭, ইংৰাজীত ৯৩, সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত ৯৮ আৰু ঐচ্ছিক গণিতত ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ৷ আনহাতে অলিন্দিতা কলিতাই অধ্যয়ণ কৰা ডিফুৰ শঙ্কৰদেৱ শিশু বিদ্যা নিকেতনত উপস্থিত হৈ প্ৰধান আচাৰ্যক ফুলাম গামোছাৰে সম্বৰ্ধনা জনাই তেওঁৰ সফলতাৰ সমূহ কৃতিত্ব বিদ্যালয়ৰ আচাৰ্য আৰু আচাৰ্যা সকলক দিয়ে ৷ বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰাও অলিন্দিতাক সম্বৰ্ধনা জনোৱা হয় ৷
ইয়াৰোপৰি ডিফুৰ পিএইছ কলনিত অলিন্দিতা কলিতাৰ চৰকাৰী বাসগৃহত উপস্থিত হৈ আছুৰ জিলা আৰু ডিফু আঞ্চলিকৰ নেতৃ বৰ্গই একোটাকৈ ফুলাম গামোছাৰে অলিন্দতাক উষ্ম সম্বৰ্ধনা জনোৱাৰ লগতে অভিনন্দন জ্ঞাপন কৰে৷ অলিন্দিতাৰ পিতৃ বংশীধৰ কলিতা এগৰাকী শিক্ষক আৰু মাতৃ শংগীতা কলিতা এগৰাকী নাৰ্চ ৷ ডিফুৰ শঙ্কৰ দেৱ শিশু বিদ্যা নিকেতনৰ এতিয়ালৈ তিনি গৰাকী যশষ্যি ছাত্ৰ- ছাত্ৰী বিদ্যালয় খনলৈ অসমৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ইয়াৰে ২০১৩ চনত প্ৰিয়াঙ্কু বৰ্মণ,- দশম স্থান, ২০১৪ চনত ভাৰ্গৱ কাকতী চতুৰ্থ স্থান আৰু ২০২০ বৰ্ষত অলিন্দিতা কলিতাৰ দশম স্থান লাভ ৷













