ASSAM TIMES POST
ডিফু : ক’ভিড ১৯ৰ বাবে দেশজুৰি চলি থকা লকডাউনৰ মাজতে দেশজুৰি সকলো শ্ৰেণীৰ নাগৰিৰ আলৈ-অথনিৰ মাজতে একাংশ দৰিদ্ৰ শ্ৰেণী তথা আৰ্তলোকে এমুঠি খাদ্যৰ বাবে হাহাকাৰ কৰি ফুৰিবলগীয়া হৈছে ৷ তাৰ মাজতে চৰকাৰৰ লগতে বিভিন্নজনে সেইসকললৈ বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দি আহিছে ৷
এনে সময়তে ডিফু চহৰৰ প্ৰায় ২৩টা পৰিয়াল ডিফু আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ৰ কাষ চাপি নিজৰ অসুবিধাৰ কথা ব্যক্ত কৰি সাহায্য আগবঢ়াবলৈ আবেদন কৰে ৷ সেই মৰ্মে জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব নেগিব আহমেদে আবেদন জিলা প্ৰশাসনলৈ প্ৰেৰণ কৰি উল্লেখিত আৰ্তলোকসকলক সাহাযিয কৰিবলৈ আহ্বান জনায়, আৰু অৱশেষত উল্লেখিত আৰ্তলোকসকলক ডিএলএছএই জিলা প্ৰশাসনৰ সহায়ত বিভিন্ন খাদ্যসামগ্ৰীসমূহ বিতৰণ কৰে ৷ ডিএলএছএৰ এনে পদক্ষেপত আৰ্তলোক সকলে সন্তুষ্টি প্ৰদান কৰিছে বুলি ডিএলএছএৰ সচিব নেগিব আহমেদে জানিবলৈ দিছে ৷













