ASSAM TIMES POST
লংকা পাঞ্জাৱী বস্তিৰ অৱতাৰ সিংৰ বাসগৃহৰ পৰা উদ্ধাৰ এগৰাকী ১০ বছৰীয়া বনকৰা কিশোৰী। কিশোৰী গৰাকীক অৱতাৰ সিংয়ে নিজৰ ঘৰত ঘৰুৱা কামত নিয়োজিত কৰাৰ লগতে নিজৰ নৱ নিৰ্মিত বাসগৃহত মিস্ত্ৰী লগত সহযোগী কাম কৰিবলৈ বাধ্য কৰাইছিল।
কিশোৰী গৰাকীয়ে মূৰৰ উপৰত চিমেণ্ট লৈ যোগালী কাম কৰি থকা অৱস্থাত হোজাই জিলা আইন সেৱা প্ৰাধিকৰণ,লংকা চাইল্ড লাইনে লংকা আৰক্ষীৰ সহযোগত অৱতাৰ সিংৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰে কিশোৰীগৰাকীক। বৰ্তমান কিশোৰীগৰাকীক হোজাই জিলা শিশু কল্যাণ সমিতিলৈ প্ৰেৰণ কৰে।













