ASSAM TIMES POST
ডিফু : খেতিয়ক সকলৰ জৰিয়তে কাৰবি আংলঙক অধিক সেউজীয়ী কৰা হ’ব”, -” প্ৰতিজন খেতিয়কে ৰাজ সাহায্যৰ ভিত্তিত ট্ৰেক্টৰ, পাৱাৰ টিলাৰৰ বাবে আবেদন কৰিব পাৰে ৷” আজি ডিফুত ৰাজ সাহায্যৰ ভিত্তিত নিৰ্বাচিত হিতাধিকাৰীৰ মাজত ২০১৯-২০ বৰ্ষৰ মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ণ যোজনাৰ দ্বিতীয় পৰ্যায়ৰ আনুষ্ঠানিক ট্ৰেক্টৰ বিতৰণী কাৰ্যসূচীত উপস্থিত থাকি এই তাৎপৰ্য পূৰ্ণ মন্তব্য কৰে ক্ৰমে সাংসদ হৰেণছিং বে’ আৰু কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংৰাঙে ৷ ডিফুৰ কাৰবি আংলং সংমণ্ডলৰ কৃষি বিভাগৰ কাৰ্যবাহী অভিযন্তা চৌহদত অনুষ্ঠিত দ্বিতীয় পৰ্যায়ৰ আনুষ্ঠানিক ট্ৰেক্টৰ বিতৰণী অনুষ্ঠান খেতিয়কসকলৰ বিভিন্ন আত্ম সহায়ক গোটৰ নিৰ্বাচিত ৫৭ গৰাকী হিতাধিকাৰীৰ মাজত ট্ৰেক্টৰ সমূহ বিতৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয় ৷
আজি ১০ গৰাকী হিতাধিকাৰীক এনে ট্ৰেক্টৰ বিতৰণ কৰা বাকীবোৰ পৰ্যায় ক্ৰমে বিতৰণ কৰা হব লগতে এনে ৰাজ্য সাহায্য যুক্ত ট্ৰেক্টৰৰ বাবে কাৰবি আংলঙত ৪২৪ টা ৰাজহ গাঁৱৰ ভিতৰত ১২২ টাৰ অনুমোদন পোৱাৰ বিপৰীতে পশ্চিম কাৰবি আংলঙত ৩২৯ টা গাঁৱৰ ভিতৰত ১০৭টাই অনুমোদন লাভ কৰা বুলি জিলা কৃষি বিষয়া গৰাকীয়ে জানিবলৈ দিছে ৷ নিজৰ ভাষণত সাংসদ হৰেণছিং বে’ই কয় যে, কাৰবি আংলঙত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ বলিষ্ঠ নেতা তথা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত কৃষিৰ ওপৰত নিৰ্ভৰশীল কাৰবি আংলঙৰ কৃষক সকলক কৃষিৰ বিভিন্ন সঁজুলি ৰাজ সাহায্যৰ জৰিয়তে সুলভ মূল্যত উপলব্ধ কৰাই সেউজীয়া কাৰবি আংলঙক অধিক সেউজীয়া কৰা হ’ব ৷

আনহাতে, মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয়যে, মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ণ যোজনাৰ অন্তৰ্গত আঁচনিৰ জৰিয়তে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদে ৫ লাখ ৫০ হাজাৰ টকা ৰাজ সাহায্যৰ জৰিয়তে হিতাধিকাৰীক ট্ৰেক্টৰ প্ৰদান কৰাৰ বিপৰীতে ৫০ শতাংশ ৰাজ সাহায্যৰ জৰিয়তে পাৱাৰ টিলাৰ আৰু পাৱাৰ পাম্পো হিতাধিকাৰীক দিব পৰা যাব বুলি কয় ৷ ইচ্ছুক খেতিয়কে আবেদন কৰিলেই এনে সুবিধা লাভ কৰিব বুলি কোৱাৰ লগতে পাৱাৰ, টিলাৰ আৰু ট্ৰেক্টৰ বিভাগীয় কৰ্তপক্ষৰ হাতত মজুত থকা বুলিও কয় ৷
লগতে ৰবাৰ খেতিয়ক সকলে ৮০ টকা মূল্যত বিক্ৰি কৰা ৰবৰৰ মূল্যৰ নিম্ন চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ৰবৰ ছিট সমূহ কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদে ১৩০ টকা মূল্যত ক্ৰয় কৰি ৰবাৰ খেতিয়ক সকাহ দিব বুলিও কয় ৷ লগতে ক’ভিড19 ৰ ক্ষেত্ৰত কাৰবি আংলং জিলাক সদায় গ্ৰীণজ’ন হিচাপে থকা কামনা কৰে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে ৷ আনহাতে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ কৃষি বিভাগৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য অমৰছিং তিছ’ৱে নিজ ভাষণ প্ৰসংগত কয় যে, কাৰবি আংলঙৰ ৯০ শতাংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰ কৰা লোক সেয়ে কৃষক সকলক ৰাজসাহায্যৰ জৰিয়তে ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আদি বিতৰণ কৰি জিলাখনক কৃষিৰ ক্ষেত্ৰত অধিক সবল কৰা উদ্দেশ্যৰে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি কয় ৷













