ASSAM TIMES POST
ডিফু : সমগ্ৰ দেশতে লকডাউ চলি থকাৰ সময়তে বোকাজানৰ খটখটী থানাৰ নিয়মীয়া নাকা তালাচীত উদ্ধাৰ ২১০ কেজি গাঞ্জা । ডিমাপুৰৰ পৰা আহি থকা অৱস্থাত আৰক্ষীৰ এক গোপন খবৰৰ ভিত্তিত এখন AS 01HC 0068 নম্বৰৰ CONTAINER ট্ৰাকখন তালাচী চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি ।
গাঞ্জাসহ আৰক্ষীয়ে আটক কৰিছে দুজন যুৱকক। যুৱক দুজন ক্ৰমে নলবাৰীৰ বিজু ৰাজবংশী আৰু মঙ্গলদৈৰ প্ৰাঞ্জল ডেকা । গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ২১ লাখতকৈ অধিক । আৰক্ষীৰ ইতিমধ্যে জেৰা আৰম্ভ কৰিছে জেৰাৰ পিছত হে গম পোৱা যাব গাঞ্জাসমূহ কলৈ লৈ গৈ থকা হৈছিল।













