ASSAM TIMES POST
ডিফু : যোৱা ১১ মে’ত কাৰ্বি আংলং জিলাৰ মাঞ্জা আৰক্ষীয়ে অভিযান চলাই শিসৃলচৰৰ পৰা ডিমাপুৰ অভিমুখে গৈ থকা এখন চুৰি ছুইফ্ট ভি আইএক্স গাড়ীসহ দুই দুৰ্ধৰ্ষ গাড়ী চোৰ গ্ৰেপ্তাৰ কৰিছিল ৷ চোৰ দুটাৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলাই মাঞ্জা আৰক্ষীয়ে গাড়ী চোৰ চক্ৰটোৰ আন এক দূৰ্ধৰ্ষ চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
প্ৰাপ্ত তথ্য অনুসৰি মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমনি ডেকাৰ নেতৃত্বত মাঞ্জা আৰক্ষীৰ এটা দলে যোৱা দুদিন ধৰি শিলচৰ আৰু হাইলাকান্দিত অভিযান চলাই লক্ষীপুৰ থানাৰ আৰক্ষীৰ সহযোগত শিলচৰৰ পৰা তৃতীয়টো গাড়ীচোৰ কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷ ধৃত গাড়ীচোৰটো কাছাৰ জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত লালংপথৰ মুৰ উদ্দিনৰ পুত্ৰ মহম্মদ বাৰাক চাও মিঞা ওৰফে ৰহমান খান বুলি চিনাক্ত কৰা হৈছে ৷ যোৱা ১১ মেত গ্ৰেপ্তাৰ কৰা আন দুটা চোৰৰ লগতে ধৃত তৃতীয়টো চোৰক আজি ডিফু ন্যায়িক আদালতত হাজিৰ কৰা হয় ৷













