ASSAM TIMES POST
ডিফু : কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিল উপ-আৰক্ষী চকীৰ অন্তৰ্গত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিজন লোক গুৰুতৰভাৱে আহত হয় ৷ প্ৰাপ্ত তথ্য অনুসৰি আজি পুৱা নগাঁৱৰ পৰা ডিংফু অভিমুখে আহি থকা তীব্ৰ বেগী AS-02-AA 0371 নম্বৰৰ মাৰুতি এল্ট’খনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিতে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতে দূৰ্ঘটনাটো সংঘটিত হয় ৷
দুৰ্ঘটনাটোত বাহনখনত থকা চালকসহ তিনিগৰাকী আৰোহী গুৰতৰভাৱে আহত হয় ৷ আহ়ত লোকসকল ক্ৰমে, দিলৱাৰা বেগম, মইনুল হক আৰু মফিজুল ইছলাম বুলি জানিব পৰা গৈছে ৷ ইয়াৰে দিলৱাৰা বেগমৰ অৱস্থা সংকটজনক ৷ আহত আটাইকেইজনকে উন্নত চিকিৎসাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ আহত আটাইকেইজন নগাওঁ জিলাৰ বটদ্ৰৱা থানা এলেকাৰ কদমনি গাঁৱৰ বুলি জানিব পৰা গৈছে৷













