ASSAM TIMES POST
ডিফু’: ক’ভিড 19 ৰ বাবে চলি থকা সান্ধ্য আইনৰ সময়তে আজি সন্ধিয়া ডিফুত এক শোকাৱহ পথ দূৰ্ঘটনা সংঘটিতহৈ এজন লোক নিহত হোৱা ঘটনাত চহৰ খনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷


প্ৰাপ্ত খবৰ অনুসৰি আজি সন্ধিয়া প্ৰায় ৬-১০ মান বজাত ডিফু ছাৰ্থে কলনি নিবাসী দীপক ছাহ(৩০) বছৰ ডিফু ৰংফাৰপী ৰংবে পুলিছ পইণ্টৰ ওচৰেদি কাষতে থকা নিজ আত্মীয়ৰ ঘৰত খোজ কাঢ়ি গৈ থকাৰ সময়ত লৰুলাংচৰ পৰা মাঞ্জা অভিমুখে As02/AB-4359 নম্বৰৰ ৰঙা ৰঙৰ ডাটচন গাড়ীৰে তী্ব্ৰ বেগ আৰু অসাৱধানতাবশতঃ দীপক ছাহক পিছফালৰ পৰা খুন্দিয়াই গুৰুতৰবাবে জখম কৰে ৷
তৎক্ষণাত দীপক ছাহক ডিফু মেডিকেল কলেজ হাস্পাতালত লৈ যোৱা হয় যদিও বাটতে তেওঁৰ মৃত্যু হয় বুলি চিকিৎসকে ঘোষণা কৰিছে ৷ ডিফু আৰক্ষীয়ে ঘটনা সংঘটিত কৰা ডাটছন গাড়ীৰ লগতে চালক ডিফু লৰুলাংচৰ জয়ছন ক্ৰ’ৰ পুত্ৰ জানিছ ক্ৰ (৩১) ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে মৃত দীপক ছাহ ডিফু আচাম অইল পেট্ৰল পাম্পৰ কৰ্মচাৰী আছিল ৷













