ASSAM TIMES POST
ডিফু : মহামাৰী ক’ভিড19 ৰ বাবে দেশ জুৰি চলি থকা ৪০ দিনীয়া লকডাউনৰ অন্তিম পৰ্যায়ত বহিঃৰাজ্যত আৱদ্ধ হৈ পৰা দুজনকৈ কাৰ্বি শ্ৰমিকৰ উপৰ্যুপৰি আত্মহণনৰ ঘটনাই সমগ্ৰ কাৰবি আংলং জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
যোৱা ১২ মে’ত তামিলনাডুত কৰ্মৰত যুৱ শ্ৰমিক দৰছিং ৰংহাঙৰ আত্মহত্যাৰ ঘটনাই মাৰ নৌযাওঁতেই বাঙ্গালুৰুত কৰ্মৰত এগৰাকী বিবাহিতা কাৰ্বি মহিলাৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনাই পাহাৰীয়া জিলা কাৰ্বি আংলঙক জোকাৰি গৈছে ৷
প্ৰাপ্ত খবৰ অনুসৰি বাঙ্গালুৰুত ৰিবেল কোম্পানীত খাদ্য সামগ্ৰী পেকেজিঙৰ কাম কৰা জোনালী ইংলেঙপী নামৰ মহিলাগৰাকীয়ে নিজৰ ভিনিহিয়েকৰ ঘৰত যোৱা নিশা চীপলৈ আত্মহত্যা কৰে ৷ জোনালী ইংলেঙপী বিবাহিতা আৰু দুটি শিশু সন্তানৰ মাতৃ ৷
স্বামীৰ সৈতে বিচ্ছেদিত হোৱাৰ পিছত শিশু সন্তান দুটিক ডিফুৰ মাটিপুঙৰ ৰংচিংৰুমত পিতৃ গৃহত ৰাখি মুম্বাইলৈ কৰ্মৰ সন্ধানত ওলাই গৈছিল ৷ তাত কিছুদিন কাম কৰাৰ পিছত জোনালী ইংলেঙপীৰ অনিল টেৰণ নামৰ এগৰাকী বন্ধুৰ সান্নিধ্যত আহি যোৱা বৰ্ষৰ ছেপ্টম্বৰ মাহত বাঙ্গালুৰুত ৰিবেল কোম্পানীত ফুড পেকেজিঙত কাম কৰিবলৈ ধৰে ৷
বাতৰি লিখা পৰলৈকে মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই যদিও হতাশাত ভুগি মহিলাগৰাকীৰ আত্মহণন কৰিছে বুলি বাঙ্গালুৰুস্থিত এক সুত্ৰৰ পৰা জানিব পৰা গৈছে ৷ এই সন্দৰ্ভত বাঙ্গালুৰুত এক গোচৰ ৰুজো কৰি বাঙ্গালুৰু কাৰবি ছ’চাইটিৰ সহযোগত মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত মৃতদেহ মহিলাগৰাকীৰ গৃহ চহৰ ডিফুলৈ আনি থকা হৈছে বুলি জানিব পৰা গৈছে ৷
এই খবৰ লাভ কৰি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বাঙ্গালুৰুস্থিত কাৰবি ছ’চাইটিৰ সৈতে যোগাযোগ কৰি মহিলাগৰাকীৰ মৃতদেহ অনা আৰু সৎকাৰৰ যাৱতীয় কামৰ বাবে বাঙ্গালুৰুস্থিত ষ্টেলিন তিছ’ৰ একাউণ্ট যোগে ১ লাখ ৫০ হাজাৰ টকা মুকলি কৰি দিছে বুলি মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ ব্যক্তিগত সহায়কে জানিবলৈ দিছে ৷ আনহাতে, বহিঃৰাজ্যত আবদ্ধহৈ পৰা শ্ৰমিকৰ সহায়ৰ বাবে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সঘনাই যোগাযোগ ৰক্ষা কৰি আৰ্থিক সাহায্য আগবঢ়াই থকা বুলি জানিব পৰা গৈছে৷













