ASSAM TIMES POST
ডিফু : সমগ্ৰ ৰাজ্যৰ লগত সংগতি ৰাখি আহোম সভা ডিফু শাখাৰ উদ্যোগত আৰু টাই কালচাৰেল ছ’চাইটি ডিফু ধৰমনালাৰ সহযোগত আজি ডিফুত আনুষ্টুপীয়াকৈ ১২৮ সংখ্যক আহোম সভাখনি উদযাপন কৰা হয় ৷ ডিফু ধৰমনালা পথৰ টাই কালচাৰেল ভৱন প্ৰাংগনত চৰকাৰে আহ্বান জনোৱা লকডাউনৰ নীতি-নিৰ্দেশনা মানি ও সামাজিক দূৰত্ব বজাই ৰাখি আহোম সভাৰ পতাকা উত্তোলন কৰে টাই আহোম সভাৰ ডিফু শাখাৰ সভাপতি চাও প্ৰিয়ৰাম দিহিঙ্গীয়াই, তেওঁক সহযোগ কৰে টাই কালচাৰেল ছ’চাইটি ডিফু, ধৰমনালাৰ সভাপতি, সম্পাদকদ্বয় ক্ৰমে চাওঁ দেৱ গগৈ আৰু চাও দিন গগৈয়ে ৷

ইয়াৰ পিছতে শ্বহীদসকলক সুঁৱৰি স্মৃতি তৰ্পণ কৰা হয় ৷ ইয়াৰোপৰি থলীতে আহোম সভাৰ বিভিন্ন দিশ সাঙুৰি এক চুটি আলোচন-চক্ৰ অনুষ্ঠিত হৈ যায় ৷ আলোচনা-চক্ৰত আহোমসকলৰ জনজাতিকৰণৰ লগতে ভোটাৰ তালিকাত আহোমসকলক চিনাক্ত কৰি আহোমসকলৰ সৰ্বাঙ্গীন বিকাশ, উৎকৰ্ষ সাধন ও উন্নতিকল্পে কাম কৰিবলৈ শাসনাধীষ্ঠ চৰকাৰলৈ দাবী জনায় ৷
আজিৰ আলোচনা চক্ৰত টাই কালচাৰেল ছ’চাইটি ডিফুৰ সদস্যসকল ক্ৰমে, বিমল বুঢ়া গোঁহাই, ললিত চেতিয়া, অমুল্য গগৈ আৰু বিক্ৰম সন্দিকৈ উপস্থিত থাকে ৷ আনহাতে টাই কালচাৰেল ছ’চাইটি ডিফু ধৰমনালাৰ উদ্যোগত যোৱা ৩০ এপ্ৰিলত ২৫টা দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰা হয় বুলি জানিব পৰা গৈছে ৷













