ASSAM TIMES POST
ডিফু : সমগ্ৰ দেশৰ লগতে ৰাজ্যত ক’ভিড-19ৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ আজি পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত এগৰাকী আদহীয়া মহিলাই নিজকে ক’ৰোনা ভাইৰাছত আক্ৰান্ত বুলি দাবী কৰাত ডিফুত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱাৰ ভাগত ডিফু থানা এলেকাৰ ৰংথিয়াং (খ) নিবাসী লক্ষীমনি লষ্কৰ নামৰ এগৰাকী আদহীয়া মহিলাই ডিফু নগৰ আৰক্ষী চকীত উপস্থিত হৈ নিজকে ক’ৰোনাক্ৰান্ত বুলি দাবী কৰি তেওঁক শীঘ্ৰে চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে বুলি অনুৰোধ জনায় ৷ সাংবাদিকৰ আগতো মহিলাগৰাকীয়ে নিজকে ক’ৰোনাক্ৰান্ত হোৱা বুলি কয় ৷
তেওঁৰ পুত্ৰ পংকজ লস্কৰ টুয়েংচাঙত কৰ্মৰত আছিল যদিও যোৱা ৮ তাৰিখে তেওঁৰ পুত্ৰ ডিফুৰ ঘৰত উপস্থিত হয়, তাৰ পিছৰ পৰা তেওঁৰ পুত্ৰ পংকজ লস্কৰ অসুস্থতা অনুভৱ কৰে লগতে মহিলাগৰাকী নিজেও অসুস্থতা অনুভৱ কৰে বুলি কয় ৷ আৰক্ষীয়ে ১০৮ক ফোন কৰি মহিলাগৰাকীক ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতাললৈ তৎক্ষণাত স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ মহিলাগৰাকীয়ে নিজকে ক’ৰোনাক্ৰান্ত জানিব দিছে যদিও মহিলাগৰাকীৰ প্ৰয়োজনীয় স্বাস্থ্য পৰীক্ষা আৰু ছৱাব পৰীক্ষা কৰাৰ পিছতহে মহিলাগৰাকী ক’ভিড-19ত আক্ৰান্ত হয় নে নহয় সেয়া স্পষ্ট হৈ পৰিব ৷
আনহাতে, মহিলাগৰাকীয়ে জানিব দিয়া অনুসৰি টুয়েংচাং ফেৰৎ তাইৰ পুত্ৰ পংকজ লস্কৰ আজি পুৱা বাহিৰে বাহিৰে স্বাস্থ্য পৰীক্ষাৰ বাবে ডিফু মেডিকেল কলেজলৈ গৈছে আৰু তাই আৰক্ষীৰ ওচৰলৈ আহিছে ৷ ইপিনে, যোৱাকালিৰ পৰা ডিফু চহৰ বন্ধ হৈ পৰিব বুলি এক উৰা বাতৰিয়ে চাঞ্চল্য সৃষ্টি কৰি থকাৰ সময়তে আজি মহিলাগৰাকীয়ে এইদৰে নিজকে আৰু তাই আৰু তাইৰ পুত্ৰ ক’ৰোনাক্ৰান্ত বুলি দাবী কৰাৰ পিছত বিষয়টোৱে বিষেষ তাৎপৰ্য বহন কৰিছে ৷
*****শেহতীয়াকৈ জানিব পৰা মতে ডিফু মেডিকেল কলেজ হাস্পাতালত মহিলা গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোৱাত তেওঁৰ লগতে পুত্ৰৰ স্বাস্থ্য স্বাভাৱিক আছিল বুলি চিকিৎসকে জানিবলৈ দিছে লগতে দুয়োকে ঘৰলৈ যাবলৈ দিয়া হৈছে বুলি কয় ৷*****













