ASSAM TIMES POST
ডিফু : কৰ’না ভাইৰাছৰ বাবে দেশজুৰি অব্যাহত থকা ৪০ দিনীয়া লকডাউনৰ মাজতে আজি বিধ্বস্ত হৈ পৰা ডিফু-মাঞ্জা পথৰ ওপৰত আলোচনা পন্থী উগ্ৰপন্থী সংগঠন ‘কাৰ্বি পিপুলছ লিবাৰেছন টাইগাৰ চমুকৈ কেপিএলটিয়ে শ্ৰমদান কৰি মেৰামতি কৰে৷ ছিমপ্লেক্স ইনফ্ৰাষ্ট্ৰাকচাৰ কোম্পানীয়ে অলপতে নিৰ্মাণ কৰি উলিওৱা ডিফু-মাঞ্জা পথৰ কেইবা ঠাই গাঁত সদৃশ অৱস্থা সৃষ্টি হোৱাৰ বাবে পথছোৱাৰ ওপৰত যান-বাহন চলাচলত অসুবিধাৰ সৃষ্টি হৈ আহিছে ৷
ৰাইজৰ অসুবিধা আৰু সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ অনুমতি সাপেক্ষে ডিফু ৫ মাইলস্থিত কেপিএলটিৰ ডেজিনেটেড কেম্পৰজন সম্পৰ্ক বিষয়া সিংহাসন হাঞ্চেৰ নেতৃত্বত প্ৰায় ৪০ জনীয়া কেডাৰৰ দলে পথছোৱাৰ ওপৰত শ্ৰমদান কৰি পথৰ ওপৰত থকা গাঁতসমূহ পৰিপূৰ্ণ কৰি মেৰামতি কৰি যান-বাহন চলাচল কৰাৰ বাবে সূচল কৰি তোলে৷













