ASSAM TIMES POST
ডিফু : পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত তৃতীয় পৰ্যায়ৰ লকডাউনৰ বাবে বান্ধি দিয়া নীতি-নিয়ম উলংঘনকাৰীসকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ডিফু আৰক্ষী ৷ এই নীতি-নিয়ম উলংঘনকাৰীসকলৰ বিৰুদ্ধে অভিযান চলাই ডিফু আৰক্ষীয়ে আজি পুৱাৰ ভাগত ৩৭ জনকৈ লোকক আটক কৰি ডিফু থানালৈ আনে ৷
ডিফু থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই জানিবলৈ দিয়া অনুসৰি ক’ভিড19ৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰে তৃতীয় পৰ্যায়ৰ লকডাউন ঘোষণা কৰি কেতবোৰ নীতি-নিয়ম নিৰ্দ্ধাৰণ কৰাৰ ওপৰিও জিলাখনত ১৪৪ ধাৰা বলৱৎ হৈ থকাৰ বিপৰীতে একাংশ অসচেতন আৰু অবিবেচকী লোকে লকডাউনৰ এই নীতি-নিয়ম পাহৰি মুকলিকৈ থু পেলোৱা, মাস্ক নিপিন্ধা, দুচকীয়া বাহনত দুজনকৈ উঠা আৰু হেলমেটবিহীন বাবে গাড়ী চলাই আহিছে ৷

সেয়ে আজি ডিফু আৰক্ষীয়ে ১নং পুলিছ পইণ্টত নিয়মীয়া তালাচী অভিযান চলাই লকডাউনৰ নীতি-নিয়ম ভংগ কৰা ৩৭ জনকৈ লোকক আটক কৰি ডিফু থানালৈ আনে ৷ এইসকল লোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 188/270/271, ডিফু থানাত101/2020 নম্বৰত এক গোছৰ ৰুজো কৰিছে ৷ বাতৰি লিখা পৰলৈকে আটকাধীন লোকৰ সংখ্যা ৩৭ জন আছিল যদিও এই সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে৷













