ASSAM TIMES POST
ডিফু : দেশজুৰি অব্যাহত থকা কৰ’না ভাইৰাছৰ সন্ত্ৰাসৰ সৈতে অনান্য স্বেচ্ছাসেৱী সকলৰ সমান্তৰালকৈ অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা কাৰ্যত সন্মূখৰ ফালৰ যুঁজদি অহা কাৰ্বি আংলং জিলাৰ ডিফুৰ মটৰ শ্ৰমিক আৰু চালক সকলৰ মাজত কাৰ্বি আংলং জিলাৰ লুম্বাজং পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য ৰতন টেৰণে আজি পুৱাৰ ভাগত ডিফু বেচৰকাৰী বাছ আস্থানত থকা কাৰবি আংলং মটৰ পৰিবহন চালক আৰু শ্ৰমিক সন্থাৰ মুখ্য কাৰ্যালয়ত মৰ্যদা সহকাৰে চালক আৰু শ্ৰমিকসকলক খাদ্য সাহায্য সামগ্ৰী বিতৰণ কৰে ৷

আজি প্ৰায় ১৩০ ৰো অধিকজন মটৰ শ্ৰমিক আৰু চালকক মাজত খাদ্য সামগ্ৰীসমূহ বিতৰণ কৰে৷ ইএম ৰতন টেৰণে ক’ভিড 19ৰ যুঁজত অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা মটৰ চালক আৰু শ্ৰমিক সকলে আগবঢ়োৱা সেৱাক প্ৰশংসা কৰে আৰু তেওঁলোকৰ কষ্ট আৰু পৰিযালৰ প্ৰতি লক্ষ্য ৰাখি এই সাহায্য সামগ্ৰী সমূহ প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কয় ৷
আনহাতে ইএম গৰাকীয়ে চালক আৰু শ্ৰমিকসকলৰ – কষ্ট হৃদয়াংগম কৰি আগবঢ়োৱা সাহায্য সামগ্ৰীৰ বাবে ইএম গৰাকীক কাৰ্বি আংলং মটৰ শ্ৰমিক আৰু চালক সন্থাৰ সভাপতি- সম্পাদকদ্বয় আব্দুল নুৰ আৰু কৃষ্ণ ভট্টৰায়ে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে ৷













