ASSAM TIMES POST
ডিফু: কাৰবি আংলং জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ তৎপৰতাত প্ৰধান মন্ত্ৰী জনধন যোজনাৰ ধন সুদূৰ বোকাখাতৰ পৰিৱৰ্তে হিতাধিকাৰীক ডলামৰাতে পোৱাই দিয়াৰ ঘটনাই হিতাধিকাৰীৰ বহু সুবিধা হোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷

প্ৰাপ্ত খবৰ অনুসৰি কাৰবি আংলং জিলাৰ সীমান্তৱৰ্তী অঞ্চল ডলামৰা থানা এলেকাৰ লোক সকলে বহুদূৰ বাটকুৰি বাই বোকাখাতৰ বৰজুৰি বেংকলৈ গৈ বিত্তীয় লেনদেন কৰি বহু কষ্ট ভোগ কৰি আহিছিল ৷
কাৰবি আংলঙ জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে এই কথা জানিব পাৰি ডলামৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীক এই সন্দৰ্ভত এক নিৰ্দেশনা দি ভুক্তভোগী লোক সকল যাতে বিত্তীয় লেনদেনৰ বাবে দূৰলৈ নোযোৱাকৈ ডলামৰাতে বিত্তীয় কাম কৰিব পাৰে সেই সন্দৰ্ভত বেঙ্কৰ বিষয়া সকলৰ সৈতে কথা পাতি আঁচনি প্ৰস্তুত কৰে তাৰ বাবে নিৰ্দেশ দিয়ে ৷
পিছত জানিব পৰা মতে বেংক বিষয়া সকলে প্ৰায় ১৫- ২০ কিল’মিটাৰ বাট হ্ৰাস কৰি হিতাধিকাৰী সকলক ডলামৰাতে প্ৰধান মন্ত্ৰী জনধন যোজনাৰ ধন পোৱাত সুবিধা কৰি দিছে ৷ আৰক্ষী অধীক্ষক গৰাকীৰ এনে মহানুভৱতাক হিতাধিকাৰীৰ লগতে সচেতন মহলে উচ্চ প্ৰশংসা কৰিছে ৷













