ASSAM TIMES POST
নিউজ ডেক্স:
মৃত্যু অপৰাজেয়। মৃত্যুয়ে নিচিনে ধনী কিম্বা দুখীয়াৰ পাৰ্থক্য।অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে অভিনেতা ঋষি কাপুৰেও।দুৰাৰোগ্য কেঞ্ছাৰৰ যুঁজি যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে বলিউদৰ চুপাৰষ্টাৰ গৰাকীয়ে। চুপাৰষ্টাৰ ঋষি কাপুৰৰ নিধনৰ পাছত একপ্ৰকাৰ অভিভাৱকহীন হৈ পৰিল বিখ্যাত কাপুৰ পৰিয়াল।
অভিনেতাগৰাকীৰ এনে অকস্মাৎ নিধনত দুখত ম্ৰিয়মান বহুজন। ইতিমধ্যে চোচিয়েল মিডিয়াত বহুজনে অভিনেতা গৰাকীৰ সৈতে জড়িত মুহুৰ্তসমূহ ছ’চিয়েল মিডিয়াত আপলোড কৰিছে।তাৰমাজতে অভিনেত্ৰী কৰিশ্মা কাপুৰে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত আপলোড কৰে এখন পুৰনি ফটো।
ফটোখনৰ কেপচনত অভিনেত্ৰীগৰাকীয়ে সেই ফটোখন কাশ্মীৰ ভ্ৰমণৰ সময়ত তোলা বুলি মন্তব্য কৰে।ফটোখনত চিৰ পৰিচিত হাঁহিটো বিৰিঙি উঠিছিল ঋষি কাপুৰৰ মুখত। উক্ত ফটোখনত অভিনেতা গৰাকীৰ সহ-ধৰ্মিনী নিতু কাপুৰৰ লগতে উপস্থিত আছে কৰিণা -কৰিশ্মাৰ লগতে অভিনেতা ৰণবীৰ কাপুৰ ও