ASSAM TIMES POST
ডিফু : দেশজুৰি অব্যাহত থকা কৰ’না ভাইৰাছৰ সন্ত্ৰাসৰ সৈতে অনান্য স্বেচ্ছাসেৱীসকলৰ সমান্তৰালকৈ সন্মূখৰ ফালৰ যুঁজদি অহা কাৰ্বি আংলং জিলাৰ ডিফুৰ সাংবাদিক আৰু হ’কাৰসকলৰ মাজত আজি কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে খাদ্য সাহায্য বিতৰণ কৰে ৷ ডিফু থানাৰ অ’চি চিৰাজ ইংতিৰ সহযোগত আৰক্ষী অধীক্ষকগৰাকীয়ে আজি পুৱাৰ ভাগত ডিফু থানা চৌহদত ৱৰ্কিং জাৰ্ণালিষ্ট আৰু হ’কাৰ সকলক সাহায্য সামগ্ৰী সমুহ বিতৰণ কৰে ৷



আজি প্ৰায় ৪৫ জন সংবাদ কৰ্মী আৰু হ’কাৰৰ মাজত চাউল, ডাইল, মিঠাতেল, নিমখ, হেণ্ডৱাছ, ছেনিটেজাইৰ,আৰু মাস্ক ,চেনি, চাহপাত আদি বিতৰণ কৰে৷ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী আৰু ডিফু থানাৰ ভাৰপ্ৰাপ্ত বিষয়াদ্বয়ে ক’ভিড-19ৰ যুঁজত সংবাদ কৰ্মী সকলে আগবঢ়োৱা সেৱাক প্ৰশংসা কৰে আৰু তেওঁলোকৰ কষ্ট আৰু পৰিযালৰ প্ৰতি লক্ষ্য ৰাখি এই সাহায্য সামগ্ৰী সমূহ প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কয় ৷
আনহাতে জিলা আৰক্ষীয়ে সংবাদ কৰ্মী সকলৰ দুখ- কষ্ট হৃদয়াংগম কৰি আগবঢ়োৱা সাহায্য সামগ্ৰীৰ বাবে আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী আৰু ডিফু থানাৰ অ’চি চিৰাজ ইংতিক জিলা প্ৰেছ ক্লাৱৰ সভাপতি- সম্পাদকদ্বয় ক্ৰমে, কিৰি ৰংহাঙ আৰু ডেনিয়েলচন বে’ই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে ৷ আজি সাহায্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত স্থানীয় জ্যেষ্ঠ সাংবাদিক তথা আছাম টাইমছ প’ষ্টৰ সম্পাদক কামৰুল খান, প্ৰতিদিন টাইমৰ কাৰবি আংলং ব্ৰুৰ চীফ সঞ্জু বৰা, দৈনিক জনমভূমিৰ ষ্টাফ ৰিপৰ্টাৰ দেৱজিত বৰা আৰু দৈনিক যুগ শঙ্খৰ সংবাদ দাতা দিপাংকৰ দাস উপস্থিত থাকে ৷













