ASSAM TIMES POST
ডিফু: কৰ’না ভাইৰাছৰ বাবে দেশজুৰি চলি থকা লকডাউনৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে আম আদমী পাৰ্টী কাৰবি আংলং জিলা সমিতিয়ে কাৰবি আংলং জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াক সাক্ষ্যাৎ কৰি ৰাজহুৱা স্বাৰ্থ সম্বলিত এক স্মাৰক পত্ৰ অৰ্পণ কৰে ৷
জিলাখনত বসবাস কৰা সকলো শ্ৰেণী ৰাইজৰ অধিকাৰ সুনিশ্চিত কৰাৰ লগতে এখন দূৰ্নিতীবিহীন সমাজ, ৰাজনৈতিক মূল্যবোধৰ এখন জিলা হিচাপে কাৰবি আংলঙক গঢ়ি তুলিবলৈ আম আদমী পাৰ্টী সংকল্পবদ্ধ বুলি স্মাৰক পত্ৰটোত উল্লেখ থকাৰ লগতে জিলাখনত ৰাইজৰ উন্নতিৰ হকে কাম কৰিবলৈ উপায়ুক্ত গৰাকীৰ সহযোগিতা কামনা কৰিছে আম আদমী পাৰ্টী কাৰবি আংলং জিলা সমিতিৰ জিলা সমন্বয়ক মিণ্টু পাটৰে ৷
ইতিমধ্যে কৰ’নাৰ সন্ত্ৰাস অব্যাহত থকাৰ মাজতে দলটোৱে কেইবাঠাইত খাদ্য সামগ্ৰী সাহায্য ৰূপে বিতৰণ কৰাৰ লগতে নতুনকৈ ডিফু কাৰাগাৰ চৌহদচ ছেনিটাইজ আৰু খাদ্য সামগ্ৰী বিতৰণৰ বাবে স্মাৰক পত্ৰখনৰ জৰিয়তে অনুমতি বিচাৰিছে ৷
স্মাৰকপত্ৰখন অৰ্পণ কালত আম আদমী পাৰ্টী কাৰবি আংলং জিলা সমিতিৰ সমন্বয়ক মিন্টু পাটৰ, সাধাৰণ সম্পাদক কাৰ্তিক বে’ , বিত্ত সম্পাদক আব্দুল মন্নান আৰু সদস্য প্ৰণৱ চন্দ্ৰ বে’ উপস্থিত থাকে ৷