ASSAM TIMES POST
ডিফু : দেশজুৰি অব্যাহত থকা কৰ’নাৰ মহা সন্ত্ৰাসৰ মাজতে কৰ’নাৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰৰ পৰা আৰম্ভ কৰি স্বেচ্ছাসেৱী সংগঠন আৰু মহানুভৱী লোকসকলে কেতবোৰ সজাগতামূলক ব্যৱস্থাৰ সন্দৰ্ভত নিজৰ মহানুভৱতা আৰু কৰ্তব্যনিষ্ঠতা পালন কৰি আহিছে৷ সেই একেই উদ্দেশ্য আগত ৰাখি কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ ৮ নং ৱাৰ্ডৰ ৰংখেলানৰ গাওঁবুঢ়া বুদ্ধ টেৰণে সম্পূৰ্ণ নিজ খৰছত নিজা বাসভৱন, পানবাৰী আৰু ৰংমিৰ্দানৰ ১৪৬ টা পৰিয়ালৰ মাজত হাত ধোৱা চাবোন আৰু কৰ’নাৰ সজাগতামূলক ব্যৱস্থাৰ গোহাৰি বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দিয়ে ৷

গাওঁবুঢ়া বুদ্ধ টেৰণে সাংবাদিকৰ আগত কয় যে, কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে অব্যাহত থকা লকডাউনৰ প্ৰতি তেওঁ পূৰ্ণ সমৰ্থন জনায়, সামাজিক চাফ-চিকুণতাৰ বাবে তেওঁ চাবোণসমূহ বিতৰণ কৰা বুলি তেওঁ জনায় ৷ ইফালে ডিফু চহৰৰ ৮ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ ৰুস্তম টকবীয়ে গাওঁবুঢ়াগৰাকীৰ এনে প্ৰয়াসৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷

আজিৰ বিতৰণ কাৰ্যসূচীত গাওঁবুঢ়া বুদ্ধ টেৰণ, ৱাৰ্ড কমিছনাৰ ৰুস্তম টকবী, পুৰুহিত ৰামছিং ৰংহাঙ, জ্যেষ্ঠ ৰঞ্জিত টেৰণ, ৰামছিং ৰংপি, উমানাথ পণ্ডিত আৰু কমল বে’ উপস্থিত থাকে ৷













