ASSAM TIMES POST
ডিফুঃ অৱশেষত, আছাম টাইম পষ্টৰ সাংবাদিকৰ তৎপৰতাত ডিফুত লকডাউনত আবদ্ধহৈ থকা ২০ জনীয়া অতি দৰিদ্ৰ শ্ৰমিকক উদ্ধাৰ কৰি জিলা আৰক্ষীয়ে সম্পূৰ্ণ বিনামুলীয়াকৈ মৰিগাওঁ জিলাৰ মৈৰাবাৰীলৈ প্ৰেৰণ কৰিছে ৷
প্ৰাপ্তখবৰ অনুসৰি উক্ত শ্ৰমিকৰ দলটো মৰিগাওঁ জিলাৰ মৈৰাবাৰী অঞ্চলৰ বিভিন্ন গাঁৱৰ পৰা আহি ডিফুৰ ৰংনিহান পথাৰত ভাড়াটীয়া হিচাপে থাকি দিন হাজিৰা কৰি জীৱিকা-নিৰ্বাহ কৰিছিল যদিওঁ লকডাউনৰ বাবে শ্ৰমিকৰ দলটো ডিফুত আৱদ্ধ হৈ পৰিছিল ৷ হাজিৰা কৰি উপাৰ্জন কৰা ধনখিনি খৰচ হৈ যোৱাত তীব্ৰ খাদ্য সংকটত ভোগাৰ লগতে তেওঁলোকৰ অনুপস্থিত শ্ৰমিকৰ গৃহ টাউনত পৰিয়ালৰ বৰ্গৰ বহু অসুবিধা হৈ থকা বুলি আছাম টাইমছ পষ্টৰ সাংবাদিকক জনায় ৷
আছাম টাইমছ পষ্টৰ সাংবাদিকে তৎক্ষণাত জিলা আৰক্ষী প্ৰশাসনৰে এই সন্দৰ্ভত অৱগত কৰে ৷ জিলা আৰক্ষী প্ৰশাসনৰ হৈ জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰৰ তৎকালীন নিৰ্দেশ মৰ্মে জিলা আৰক্ষী উপাধ্যক্ষ নাহিদ কৰিশ্মাই শ্ৰমিকৰ দলটোক ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাওকাম চাংচানৰ সহোগত উদ্ধাৰ কৰি আজি বিয়লি আৰক্ষীৰ বাছেৰে মৈৰাবাৰীলৈ বিনামূলীয়াকৈ প্ৰেৰণ কৰে ৷
জানিব পৰা মতে, শ্ৰমিকৰ দলটোক পাৰখোৱাত স্বাস্থ্য পৰীক্ষা আৰু স্ক্ৰিনীং কৰা হ’ব ৷ আৰক্ষীৰ এনে প্ৰয়াসক সচেতন মহলে শলাগ লোৱাৰ লগতে শ্ৰমিকৰ দলটোৱেও অশেষ কৃতজ্ঞতা জ্ঞাপ কৰে৷













