ASSAM TIMES POST
ডিফু : দেশজুৰি অব্যাহত থকা কৰ’না ভাইৰাছৰ সন্ত্ৰাসৰ সৈতে অনান্য স্বেচ্ছাসেৱী সকলৰ সমান্তৰালকৈ সন্মূখৰ ফালৰ যুঁজদি অহা কাৰ্বি আংলং জিলাৰ ডিফুৰ সাংবাদিক আৰু হ’কাৰসকলৰ মাজত আজি কাৰ্বি আংলং জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াই খাদ্য সাহায্য বিতৰণ কৰে ৷ ঐতিহ্যপূৰ্ণ ডিফু ক্লাবত আজি জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়া ৱৰ্কিং জাৰ্ণালিষ্ট আৰু হ’কাৰসকলক সাহায্য সামগ্ৰীসমূহ বিতৰণ কৰে ৷
আজি মুঠ ৩০ জন সংবাদ কৰ্মী আৰু হ’কাৰৰ মাজত চাউল, ডাইল, মিঠাতেল, নিমখ, হেণ্ডৱাছ , ছেনিটেজাইৰ আৰু মাস্ক আদি বিতৰণ কৰা হয় ৷ সাংবাদিকৰে সৈতে বাৰ্তালাপত জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াই ক’ভিড-19ৰ যুঁজত সংবাদকৰ্মীসকলে আগবঢ়োৱা সেৱাক প্ৰশংসা কৰে আৰু তেওঁলোকৰ কষ্ট আৰু পৰিযালৰ প্ৰতি লক্ষ্য ৰাখি এই সাহায্য সামগ্ৰীসমূহ প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কয় ৷

ইয়াৰোপৰি চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা ডিফুলৈ ৰে’লপথ আৰু জংঘলৰ মাজেৰে আহি থকা শ্ৰমিক সকলক প্ৰশাসনে প্ৰয়োজনীয় স্বাস্থ্য পৰীক্ষা কৰাই তেওঁলোকক নিজ নিজ জিলালৈ পঠিওৱাৰ ব্যৱস্থা কৰা হ’ব লগতে ডিমাপুৰৰ পৰা ডিফুত পদপথে অহা বিহাৰৰ শ্ৰমিকসকলক চৰকাৰে আন্তঃৰাজ্যিক গমণৰ সুবিধা নিদিয়াৰ বাবে তেওঁলোককো প্ৰয়োজনীয় স্বাস্থ্য পৰীক্ষা কৰাই সাহায্য শিৱিৰত থকাৰ ব্যৱস্থা কৰা হৈছে বুলি মন্তব্য কৰিছে ৷

আনহাতে, জিলা প্ৰসাশনে সংবাদকৰ্মীসকলৰ দুখ-কষ্ট হৃদয়াংগম কৰি আগবঢ়োৱা সাহায্য সামগ্ৰীৰ বাবে উপায়ুক্ত মুকুল কুমাৰ শইকীয়ালৈ জিলা প্ৰেছ ক্লাৱৰ সভাপতি-সম্পাদকদ্বয় ক্ৰমে, কিৰি ৰংহাঙ আৰু ডেনিয়েলচন বে’ই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে ৷ আজি সাহায্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত স্থানীয় জ্যেষ্ঠ সাংবাদিক তথা আছাম টাইমছ প’ষ্টৰ সম্পাদক কামৰুল খান, প্ৰতিদিন টাইমৰ কাৰ্বি আংলং ব্ৰুৰ চীফ সঞ্জু বৰা, দৈনিক জনমভূমিৰ ষ্টাফ ৰিপৰ্টাৰ দেৱজিত বৰা আৰু দৈনিক যুগ শঙ্খৰ সংবাদ দাতা দিপাংকৰ দাস উপস্থিত থাকে ৷













