ASSAM TIMES POST
ডিফু : লকডাউনত আবদ্ধ হোৱা শ্ৰমিক সকলক নিজ নিজ ঘৰ অভিমুখে যাত্ৰা কৰাৰ বাবে চৰকাৰে ৰাজ্যজুৰি আন্তঃজিলা পৰিবহন ব্যৱস্থা আৰম্ভ কৰাৰ সমান্তৰালকৈ অসমৰ সীমামূৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰৰ পৰা জাকে জাকে শ্ৰমিকৰ শ্ৰুত বৈছে কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুত ৷
অৱশ্যে এই শ্ৰমিক সকল পৰিবহন ব্যৱস্থাৰে নহয় ৰেললাইনৰ ওপৰেৰে খোজকাঢ়িয়েই যাব ওলাইছে নিজ নিজ গন্তব্য স্থানলৈ ৷ ইয়াৰে অধিকাংশই বিহাৰৰ লোক, বাকী ক্ৰমে, ধুবুৰী কোকৰাঝাৰ, নগাওঁ, হোজাই আদি জিলাৰ ৷ শণিবাৰৰ পৰা ভাগে ভাগে প্ৰায় শতাধিক শ্ৰমিক অট’চালক আৰু অনান্য লোক ডিফুত উপস্থিত হৈছে ৷
ক’ভিড19 ৰ বাবে দেশজুৰি অব্যাহত থকা দীৰ্ঘ লকডাউনত অস্বস্থিত পৰি নিজৰ ভৰিৰ ওপৰতে ভৰসা কৰি বাটকুৰি বাই খোজ কাঢ়িয়েই ঘৰমুৱা হৈছে এই সকল শ্ৰমিক ৷ নাগালেণ্ডৰ ডিমাপুৰত দিন হাজিৰা কৰি জিৱীকা নিৰ্বাহ কৰা শ্ৰমিক সকল ভোক, পিয়াহ আৰু অনাহাৰে থাকি ডিমাপুৰ – ডিফু ৰেল লাইনেৰে পদপথে ডিফুত উপস্থিত হোৱা শ্ৰমিক সকলক এনেদৰে আহি থকা ডিফু ছৰছৰি ৰেলপথত স্থানীয় ছৰছৰিত পানবাড়ী বড়োগাওঁ গাওঁৰক্ষী বাহিনীয়ে শ্ৰমিক সকলক উদ্ধাৰ কৰি কিছু খাদ্যৰ যোগান ধৰাৰ লগতে আৰক্ষী আৰু মেডিকেলক অৱগত কৰে ৷
ঘটনা স্থলীত মেডিকেল আৰু আৰক্ষীৰ লোক উপস্থিত হৈ শ্ৰমিক সকলক ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালত লৈ যায় ৷ ইয়াৰে বিহাৰৰ শ্ৰমিক সকলক আন্তঃজিলা গমণৰ ব্যৱস্থা নথকাৰ বাবে কাৰবি আংলং জিলা প্ৰশাসনৰ তত্বাৱধনাত ৰখাৰ বিপৰিতে হোজাই, ধুবুৰী আৰু বৈঠালাংচৰ ,নগাওঁ, ধুবুৰী,আৰু কোকৰাঝাৰৰ লোক সকলক ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰিব বুলি জানিব পৰা গৈছে ৷ আনহাতে আন্তষৰাজ্যিক যাতায়ত ব্যৱস্থা বন্ধ থকাৰ মাজতে ডিফুলৈ জাকে জাকে অব্যাহত থকা স্ৰুত সন্দৰ্ভত কাৰবি আংলং জিলা প্ৰশাসনে কি ব্যৱস্থা লব সেয়া লক্ষণীয় হৈ পৰিছে ৷













