ASSAM TIMES POST
ডিফু : সমগ্ৰ বিশ্বত কৰ’নাতংকই ত্ৰাস সৃষ্টি কৰাৰ সময়ত খাদ্যৰ বাবে হাহাকাৰ কৰি ফুৰা দৰিদ্ৰ, আৰু শ্ৰমিক শ্ৰেণীৰ লোকক মানৱীয় সাহায্য কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী ৷ আজি কাৰ্বি আংলং জিলা আৰক্ষীৰ উদ্যোগত আজি ডিফু হৰিলালবস্তি এলেকাত আৰ্তজনৰ মাজত চাউল, আলু আদি বিতৰণ কৰা হয়।
ডিফু সদৰ আৰক্ষী থানা আৰু ডিফু নগৰ আৰক্ষী চকী, পানবাড়ী আৰু ছৰছৰি গাওঁৰক্ষী বা বাহিনীৰ সহযোগত উপ-আৰক্ষী অধীক্ষক (মুখ্য) উপস্থিতিত সাহায্য সামগ্ৰীখিনি বিতৰণ কৰা হয় ৷ প্ৰতিজন হিতাধিকাৰীৰ বিপৰীতে ২ কেজিকৈ চাউল আৰু ১ কেজি আলু বিতৰণ কৰা হয় ৷ আজি হৰিলালবস্তিৰ কালী মন্দিৰৰ ওচৰত সম্পূৰ্ণ ছ’চিয়েল ডিষ্টেন্সিঙৰ নিয়ম মানি ৰাইজৰ মাজত শীন্তিপূৰ্ণভাবে প্ৰায় দুশ পৰিয়ালৰ মাজত আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ এনে প্ৰয়াসক ৰাইজে শলাগ লৈছে ৷













