ASSAM TIMES POST
নিউজ ডেস্ক:
দিল্লীত চাৰিগৰাকী ক’ৰ’ণা ৰোগীৰ ওপৰত প্লাজমা থেৰাপি পৰীক্ষামূলকভাৱে প্ৰয়োগ কৰি আশাব্যঞ্জক ফল পোৱা গৈছে বুলি দাবী কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে৷ আজি এক সংবাদ মেলত মুখ্যমন্ত্ৰীজনে এই কথা জনায়৷ আনহাতে চিকিৎকেও একে মতকে প্ৰকাশ কৰে৷

কিছুদিনৰ পাছতে পুনৰ ইয়াক পৰীক্ষামূলক প্ৰয়োগ কৰা হ’ব বুলি কয় মুখ্যমন্ত্ৰী কেজৰিৱালে৷ এই প্ৰসংগত মুখ্যমন্ত্ৰীজনে কয়, যি ক’ৰ’ণাক পৰাস্ত কৰি সুস্থ হৈ উঠিছে তেওঁ যেন প্লাজমা-ৰক্ত দান কৰে৷ তেতিয়া এই থেৰাপি সম্ভৱ হ’ব৷ ক’ৰ’ণাক পৰাস্ত কৰিবলৈ এনে প্ৰতিষেধক বা ঔষধ এতিয়াও মিলা নাই৷
ক্ৰমাগতভাৱে পৰীক্ষা চলিছে৷ কিন্তু এতিয়াও আশাব্যঞ্জক ফল পোৱা নাই৷ তাৰ বিকল্প পথ প্লাজমা থেৰাপি প্ৰয়োগ কৰি ক’ৰ’ণা ৰোগীসকলক সুস্থ কৰাৰ চেষ্টা চলিছে৷ উল্লেখ্য যে ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পাছত সুস্থ হৈ উঠা ব্যক্তিৰ শৰীৰৰ প্লাজমা বা ৰক্ত লৈ ক’ৰ’ণা আক্ৰান্ত লোকৰ শৰীৰত প্ৰতিষ্ঠা কৰা হয়৷

তেতিয়া সুস্থ হৈ উঠা ব্যক্তিৰ এণ্টিবডী আক্ৰান্তৰ শৰীৰত ক’ভিড-১৯ ভাইৰাছক হৰুৱাই তেওঁক সুস্থ কৰি তুলিব পাৰে বুলি বিজ্ঞানীসকলৰ ধাৰণা৷ জানিব পৰা মতে ইতিমধ্যে দিল্লীৰ লোক নায়ক জয়প্ৰকাশ নাৰায়ণ হাস্পতালত চিকিৎসাধীন ৰোগীৰ ওপৰত পৰীক্ষামূলকভাৱে এই পদ্ধতি প্ৰয়োগ কৰা হৈছিল৷
মুখ্যমন্ত্ৰী কেজৰিৱালৰ সতৰ্কবাণী, এয়া প্ৰাথমিক ফল৷ ক’ৰ’ণা ভাইৰাছৰ চিকিৎসাৰ উপায় পোৱা গৈছে৷ ইয়াত কোনো চিন্তাৰ কাৰণ নাই৷ তাৰ মাজতো আশাৰ পোহৰ দেখা গৈছে৷ চিকিৎসালয়ৰ সূত্ৰে জানিব পৰা মতে চাৰিজনৰ মাজত দুজন দ্ৰুতভাৱে চিকিৎসালয়ৰ পৰা যাব পাৰে৷
ইয়াৰ মাজত এজনৰ অৱস্থা আশংকাজনক আছিল বুলি কয় কেজৰিৱালে৷ তেওঁক ভেণ্টিলেছনত ৰখা হৈছিল৷ প্লাজমা থেৰাপি পৰীক্ষামূলক প্ৰয়োগৰ পাছত তেওঁলোক বহু সুস্থ হৈ পৰিছিল বুলি দাবী কৰে দিল্লীৰ মুখ্যমন্ত্ৰীজনে৷ এই সাংবাদিক মেলত ইন্সটিটিউট অব লিভাৰ এণ্ড বিলিয়াৰি ছাইন্সৰ সঞ্চালক এছ কে ছাৰিণে কয়, পৰীক্ষামূলক প্ৰয়োগৰ ফলাফলত আমি সুখি৷
আন দুই-তিনিজন ৰোগীৰ ওপৰত প্ৰয়োগৰ কাৰণে ৰক্ত আৰু প্লাজমা সাজু কৰিছে৷ তেওঁলোকক আজি প্লাজমা থেৰাপি দিয়া হ’ব পাৰে৷ মুঠ দহজনৰ ওপৰত প্লাজমা থেৰাপি প্ৰয়োগ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷










