ASSAM TIMES POST
ডিফু : লকডাউনৰ মাজতে আজি কাৰবি আংলঙৰ সীমান্তৱৰ্তী অঞ্চল ধনশিৰিত সেনা- আৰক্ষীৰে মুখামুখীসংঘৰ্ষত ডিএনএলএৰ দুই দূৰ্ধৰ্ষ কেডাৰ নিহত হয় ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱতি নিশা ৫ৰ পৰা ৫-৩০ বজালৈ ডিফু থানাৰ অন্তৰ্গত মুগুলাবদিছা ৰিজাৰ্ভত সন্দেহযুক্ত উগ্ৰপন্থী দলটোৰে সংঘৰ্ষৰ সুত্ৰপাত হয় ৷

সংঘৰ্ষ কালত সেনা- আৰক্ষী আৰু উগ্ৰপন্থী সদস্যদ্বয়ৰ মাজত প্ৰায় ২০ মিনিট সময় প্ৰচণ্ড গুলীয়াগুলী হয় আৰু শেষত অভিযানকাৰী দলটেৰ গুলীত দুটা উগ্ৰপন্থী নিহত হয় বুলি আৰক্ষীৰ সুত্ৰত প্ৰকাশ ৷


ঘটনাস্থলীৰ পৰা সেনা- আৰক্ষীৰ দলে এটা M16 ৰাইফল,160 জাঁই সজীৱ গুলী আৰু এটা AK 56 ৰাইফল 44 জাঁই সজীৱ গুলী, দুটা মেগজিন দুটা মবাইল ফোন , দুটা ৰাকচেক বেগ আৰু দুটা গুলীৰ পাউচ উদ্ধাৰ কৰে ৷
সংঘৰ্ষত নিহত হোৱা সদস্য দুজনৰ নাম ক্ৰমে, লেফটেনেন্ট গেদেইন ওৰফে ৰূপচন থাউচেন আৰু এৰিয়া কামাণ্ডাৰ এলৱিন জিগদুঙ ওৰফে কিমজুং বুলি চিনাক্ত কৰা হৈছে ৷ ইতিমধ্যে ঘটনাস্থলীত কাৰবি আংলং আৰক্ষীৰ উচ্চস্তৰীয় বিষয়া উপস্থিত হৈছে বুলি জানিব পৰা গৈছে ৷













