ASSAM TIMES POST
নিউজ ডেস্ক:
পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ খেৰণিত ধুমুহাৰ তাণ্ডৱ। আজি দুপৰীয়াৰ ভাগত হঠাৎ অহা প্ৰচণ্ড ধুমুহা-বৰষুণে খেৰণিৰ বিস্তীৰ্ণ অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰে ৷ বিশেষকৈ খেৰণিৰ ৰিকাংমিহম, ফেলাংপি, ৱাটিজুৰ, মাইলু আদি অঞ্চলত তীব্র গতিত অহা বিধ্বংসী ধুমুহাজাকে উৰুৱাই নিয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ চালি, বহুকেইটা পৰিয়ালৰ গোসাঁইঘৰ, বাসগৃহৰ টিনপাত আদি।
আনকি পলকতে অহা ৰুদ্ৰৰূপী ধুমুহাজাকে কেইবা স্থানতো প্ৰকাণ্ড প্ৰকাণ্ড গছ, কল গছ, তামোল গছ ভাঙি-চিঙি-উভালি ভয়াৱহ তাণ্ডৱ সৃষ্টি কৰে উল্লেখিত অঞ্চলকেইটাত। ইয়াৰ ওপৰিও বিভিন্ন স্থানত ধুমুহাৰ প্ৰৱল কোবত বিদ্যুতৰ তাঁৰ চিঙি মাটিত পৰাৰ বিপৰীতে বিদ্যুৎ খুঁটাৰ লগতে খুঁটাসহ বিদ্যুৎ ট্ৰেন্সফাৰ্মাৰ মাটিত বাগৰি পৰা পৰিলক্ষিত হয়।
উল্লেখযোগ্য যে এই ধুমুহা-বৰষুণৰ পাছতেই বৃহত্তৰ অঞ্চলটোতে সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে বিদ্যুত যোগান। আনহাতে চকুৰ পলকতে তচনচ কৰা ধুমুহাৰ ধ্বংসলীলা দেখি গাওঁবাসী ভীতিগ্ৰস্ত হোৱাৰ লগতে ভুক্তভোগী পৰিয়ালে মূৰত সৰগ পৰা যেন অনুভৱ কৰে।