ASSAM TIMES POST
ডিফু : অহা ২৫ এপ্ৰিলৰ পৰা বিশ্বজুৰি আৰম্ভ হব ইছলাম ধৰ্মালম্বী লোকসকলৰ পৱিত্ৰ ৰমজানৰ ৰোজা ৷ কিন্ত মহামাৰী সদৃশ ক’ভিড-19ক লৈ দেশজুৰি চলি থকা লকডাউনৰ মাজতে ইছলাম ধৰ্মালম্বীসকলে কি দৰে পালন কৰিব ৰমজানৰ ৰোজা ৷ ইয়াকে লৈ জল্পনা- কল্পনা চলি থকাৰ মাজতে কাৰ্বি আংলং জিলা আৰক্ষী প্ৰশাসনে ইয়াৰ সমাধানৰ এক সূত্ৰ উলিয়াইছে ৷ আজি কাৰ্বি আংলং জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱাৰ পৌৰোহিত্যত ডিফু নগৰ আৰক্ষী চকীত ডিফু আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ মছজিদ, মক্তব আৰু পাঞ্জেগানাৰ সভাপতি, সম্পাদক, ইমাম আৰু বিষয়ববীয়াসকলকলৈ এক আলোচনা সভা অনুষ্ঠিত হয় ৷
সভাত দীৰ্ঘ আলোচনাৰ ৰমজানৰ ৰোজা পালন আৰু তাৰাবীহ আৰু ইফতাৰৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷ ভক্তপ্ৰাণসকলে ৰমজানৰ ৰোজাৰ বাবে তাৰাবীহ নিজ নিজ ঘৰতে পঢ়াৰ ব্যৱস্থা কৰিব লাগিব, ইফতাৰসমূহ পেকেটিং কৰি ছ’চিয়েল ডিষ্টেনিসিং মানি চলি ঘৰে ঘৰে পঠিওৱাৰ ব্যৱস্থা কৰিব, ইয়াৰোপৰি প্ৰতিজনৰ বাবে মাস্ক বাধ্যতামূলক কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰখাত গুৰুত্ব আৰোপ কৰিব লাগিব সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ আনহাতে উক্ত সভাত ৰমজান মাহত ফলৰ দোকানসমূহত সুলভ মূল্যত ফল-মূল উপলব্ধ কৰাৰ ওপৰতো আলোচনা হয় ৷ আজিৰ সভাত অতিৰিক্ত আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱাৰ ওপৰিও ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হাওকেম চাংচন উপস্থিত থাকে ৷













