ASSAM TIMES POST
ডিফু : কৰ’না ভাইৰাছৰ বাবে দেশজুৰি অব্যাহত থকা লকডাউনৰ পৰিপ্ৰেক্ষিতত সন্মূখৰ ফালৰ যুঁজাৰু সৈনিকৰ দৰে কৰ্তব্য সম্পাদন কৰা সৈনিকৰ ভিতৰত আৰক্ষী-চি আৰপি এফৰ জোৱানসকলৰ মাজত আজি কাৰ্বি গ’ছপেল আৰ্টিছ ফ’ৰামে চাহ, বিস্কুট, বন আদি বিতৰণ কৰে ৷
যি সময়ত কৰ’না ভাইৰাছৰ বাবে আৰক্ষীয়ে দিনে-নিশাই ৰাইজৰ নিৰাপত্তাত নিয়োজিত হৈ আছে সেই সময়ত সেইসকল আৰক্ষীৰ লোকৰ প্ৰতি সামান্যকণ সহানুভূতি জনাই এনেদৰে কৰ্তব্যৰত আৰক্ষীক চাহ-বিস্কুট ধৰা কাৰ্যৰ বাবে কাৰ্বি গ’ছপেল আৰ্টিষ্ট ফ’ৰামক সচেতন মহলে প্ৰশংসা কৰিছে৷













