ASSAM TIMES POST
ডিফু : দ্বিতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হোৱাৰ পিছত গ্ৰীণজ’ন এলেকাত চৰকাৰে জাৰি কৰা কেতবোৰ শিথিলতাৰ সন্দৰ্ভত কাৰ্বি আংলং জিলা আৰক্ষী প্ৰশাসনে আজি ডিফুত চেম্বাৰ অৱ কমাৰ্চ, গ্ৰেটাৰ ডিফু বজাৰ কমিটি আৰু ডিফু পৌৰ সভাৰ বিষয়ববীয়াৰ সৈতে এক আলোচনাত মিলিত হয় ৷
ডিফু নগৰ আৰক্ষী চকী প্ৰাঙ্গনত অনুষ্ঠিত হোৱা আলোচনাত জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱাই নিজৰ ভাষণত কয় যে, কাৰ্বিআংলঙ জিলা ক’ভিড-19ৰ ক্ষেত্ৰত গ্ৰীণজ’ন ক্ষেত্ৰ হিচাপে স্বীকৃতি পোৱাৰ পিছত জিলাখনত চৰকাৰৰ গাইডলাইন অনুসৰি লকডাউনৰ ক্ষেত্ৰত ২০ এপ্ৰিলৰ পিছত দোকান-পোহাৰ খোলা সন্দৰ্ভত কেতবোৰ সতৰ্কতামূলক ব্যৱস্থা আৰু নিৰ্দেশনা সন্দৰ্ভত বক্তব্য আগবঢ়ায়
৷ যিবোৰ ব্যৱসায়িক বা অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান-পোহাৰ খোলাৰ অনুমতি লাভ কৰিছে সেইসমূহৰ সন্মুখত গ্ৰাহকৰ মাজত সামাজিক দূৰত্বৰ ব্যৱস্থা থকা আৰু সকলোৰে বাবে মাস্ক বাধ্যতামূলক কৰাৰ উপৰিও থু পেলোৱাটো দণ্ডনীয় অপৰাধ বুলি প্ৰতিখন দোকান সন্মুখত প’ষ্টাৰ আঁৰি থোৱাৰ বাবে পৰামৰ্শ আগবঢ়ায় ৷ ইয়াত সকলোকে সহযোগিতা আগবঢ়াবলৈ অনুৰোধ কৰে ৷
উক্ত নিৰ্দেশনা কোনোবাই মানি নল’লে দোকানৰ সামগ্ৰী ক্ৰয় কৰিব নোৱাৰিব বুলি মন্তব্য কৰে ৷ আনহাতে, ডিফুত অনুমতি বিহীন গাড়ী চলাচলৰ ক্ষেত্ৰতো আৰক্ষীয়ে কিছু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনোৱাৰ লগতে আৰক্ষীক নিজৰ কৰ্তব্য সূচাৰু ৰূপে পালন কৰিবলৈ আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে ৷
ইপিনে আজিৰ পৰা লকডাউন শিথিলকৰণৰ বাবে পুৱাতে দোকান-পোহাৰ খুলিবলৈ ব্যৱসায়ীসকলে আগ্ৰহেৰ বাট চাই আছিল যদিও জিলা প্ৰশাসনৰ তৰফৰ পৰা নিশ্চিত চাৰ্কোলাৰ বা নিৰ্দেশনা নোপোৱাৰ বাবে দোকান-পোহাৰসমূহ খুলিব নোৱাৰিলে যদিও কাইলৈৰ পৰা অনুমতি প্ৰাপ্ত দোকানসমূহ খোলাৰ সম্ভাৱনা আছে ৷ আজিৰ আলোচনা কালত ডিফু সদৰ থানাৰ অ’চি চিৰাজ ইংতি আৰু ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাওকেম চাংচাং উপস্থিত আছিল৷













