ASSAM TIMES POST
পশ্চিম কাৰ্বি আংলং:ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । চৌদিশে ক’ৰ’ণাৰ আতংক তথা লকডাউন অব্যাহত থকাৰ মাজতে বৈঠালাংছ’ত আজি পুৱতি নিশা সংঘতিত হ’ল এক হৃদয় বিদাৰক ঘটনা । বনৰীয়া হাতীৰ গচকত প্ৰাণ হেৰুৱাব লগা হ’ল অগৰাকী বিধৱা মহিলায়ে

।জানিব পৰা মতে বৈঠালাংছ’ৰ বৰবিলৰ মৃত প্ৰাণেশ্বৰ ৰাভাৰ পত্নী মনোমতী ৰাভায়ে পূৱতি নিশা বাহিৰলৈ উলাওতেই বনৰীয়া হাতীটোৰ মূখা-মূখি হয় । মহিলা গৰাকীয়ে পলাবলৈ চেষ্টা কৰিছিল যদিও পলাৱ নোৱাৰিলে ।
হাতীটোয়ে মহিলাগৰাকীক ভৰিত, মূৰত,বুকুত আদিত গচকি দিয়ে ।ফলত মহিলা গৰাকী থিতাতে মৃত্যু হয় । উল্লেখ যোগ্য যে স্বামীৰ মৃত্যুৰ পাছত মহিলা গৰাকীয়ে তেওঁৰ একমাত্ৰ সৰু কন্যা সন্তানটিৰ সহ এটা সৰু জুপুৰী গৃহতে বসবাস কৰি আছিল ।













