ASSAM TIMES POST
বকলীয়াঘাট : আজি বিয়লি প্ৰায় আঢ়ৈ বজাৰ পৰা কাৰ্বি আংলং জিলাত অহা এজাক প্ৰচণ্ড বা-মাৰলিয়ে জিলাখনৰ বিস্তৰ ক্ষতিসাধন কৰে। নিমিষতে অহা প্ৰচণ্ড ধুমুহাজাকে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত বহু বাসগৃহ উৰুৱাই তচনচ কৰাৰ লগতে বহু ব্যৱসায়িক প্ৰতিষ্ঠানৰো ক্ষতিসাধন কৰে।

পাৰখোৱাৰ গাৰোগাঁৱত এজোপা প্ৰকাণ্ড আমগছ ভাঙি এটা ঘৰৰ ওপৰত পৰাত ঘৰটো বিধ্বস্ত হোৱাৰ লগতে উক্ত সময়ত ঘৰৰ ভিতৰত থকা এগৰাকী যুৱতী উক্ত ঘটনাত অতি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আহত যুৱতীগৰাকী ৰেচিলা মমিন (২৬) বুলি জানিব পৰা গৈছে । ঘটনাটোত ককাল আৰু বুকুৰ হাড় ভাঙি যোৱা যুৱতীগৰাকীক লগে লগে হোজাইৰ হাম হাস্পতালত ভৰ্ত্তি কৰোৱা হয়। ধুমুহাজাকৰ ফলত হোৱা ক্ষয়-ক্ষতি সবিশেষ তথ্য জানিব পৰা হোৱা নাই।













