ASSAM TIMES POST
ডিফু: লকডাউনৰ বাবে কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ হৰিলাল বস্তিত ৰংনিহান পথাৰত আবদ্ধহৈ পৰা নগাওঁ, মৰিগাওঁ আৰু হোজাই আদি জিলাৰ শ্ৰমিক আৰু ভাড়াটীয়া সকলক কাৰবি আংলং জিলা প্ৰশাসনৰ তৰফৰ পৰা খাদ্য সামগ্ৰী বিতৰণ কৰে ৷
শ্ৰমিক সকলৰ মানৱীয় দিশটোৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে নিজাববীয়া উদ্যোগলৈ এলেকাটোত উল্লেখিত শ্ৰমিক সকলৰ অস্থিত্বৰ উমানলৈ খাদ্য সামগ্ৰীখিনি বিতৰণৰ ব্যৱস্থা কৰে ৷ উল্লেখ যোগ্যযে স্থানীয় গাওঁৰক্ষী বাহিনীয়ে শ্ৰমিক আৰু ভাড়াটীয়া সকলক লকডাউনৰ মাজত খাদ়্যৰ বাবে সমস্যাৰ সন্মূখীন হোৱা বুলি সেইসকল শ্ৰমিক আৰু ভাড়াটীয়াৰ নামৰ তালিকা জিলা প্ৰশাসনৰ ওচৰত দাখিল কৰে ৷
ইয়াৰ পিছত আজি নিৰ্বাচনী বিষয়া জিন্টু বৰা (এচিএছ) আৰু কাৰ্যবাহী দণ্ডাধীশ নুপুৰ বৰা আৰু ডিফু ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ মণ্ডল ৰূপন টেৰণৰ লগতে ভিডিপি সভাপতি আব্দুল মতিন তালুকদাৰৰ উপস্থিতিত আৰ্ত শ্ৰমিক সকলৰ মাজত খাদ্য সামগ্ৰী সমূহ বিতৰণ কৰি দিয়ে ৷ বিতৰণ কৰা খাদ্য সামগ্ৰীৰ ভিতৰত আছিল চাউল, ডাইল, নিমখ আৰু মিঠাতেল ৷ প্ৰশাসনৰ এনে কাৰ্যক স্থানীয় ৰাইজে উচ্চ প্ৰশসংসা কৰিছে ৷













