ASSAM TIMES POST
ডিফু : লকডাউনৰ মাজতে এক অভিনৱ পন্থাৰে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী উত্থাপন হৈছে৷ কৰ’না সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দেশজুৰি অব্যাহত থকা লকডাউন কাৰ্যসূচীৰ মাজতে আজি কাৰাগাৰত থকা অখিল গগৈক শীঘ্ৰে মুক্তি দিয়াৰ দাবীত এক অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিয়ে ৷ উল্লেখযোগ্য যে, পূৰ্বৰ ভালেকেইটা গোচৰত আদালতে জামিন প্ৰদান কৰাৰ পিছতো পুনৰ কাৰাগাৰতে জীৱন পাৰ কৰিবলগীয়া হৈছে কৃষক নেতাগৰাকীয়ে ৷
ইতিমধ্যে শাৰিৰীক অসুস্থতাত ভুগি থকা কৃষক নেতাগৰাকীক শীঘ্ৰে মুক্তি দিয়াৰ দাবীত এজেৱাইচিপি কাৰ্বি আংলং জিলা সমিতিয়ে দিনৰ ১১ বজাৰ পৰা ২ বজালৈ অৱস্থান ধৰ্মঘট পালন কৰি কৃষক নেতাগৰাকীৰ মুক্তিৰ দাবী জনায় ৷ লকডাউনৰ বাবে কোনো ৰাজহুৱা স্থানত একত্ৰিত হোৱাত নিষেধাজ্ঞা থকাৰ বাবে সংগঠনটোৰ নেতা কৰ্মীসকলে ‘লকডাউন’ মানি চলি নিজ নিজ ঘৰতে তিনিঘণ্টীয়া ধৰ্মঘট পালন কৰি বৈপ্লৱিক নেতাগৰাকীৰ মুক্তিৰ দাবী জনায় ৷













