ASSAM TIMES POST
ডিফু : কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত জনস্বাস্থ্য কাৰিকৰী বিভাগ (নগৰীয়া) ৫জন কৰ্মচাৰীয়ে লকডাউনৰ মাজত আৰ্তজনৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ বিতৰণেৰে মানৱীয় সাহায্য আগবঢ়ায় ৷
প্ৰাপ্ত খবৰ অনুসৰি বিভাগটোৰ ডিফু শাখাৰ ৫জন মান হৃদয়বান কৰ্মচাৰী কমলা শইকীয়া, পৰমা ডেকা, নাগেশ ডেকা, দিলীপ দে আৰু বিনন্দ বৰুৱাই ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ ওচৰত প্ৰায় ৪০ ঘৰ দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰীসমূহ বিতৰণ কৰি দিয়ে৷
ক’ভিড-19ৰ প্ৰাদূৰ্ভাৱৰ বাবে চৰকাৰে আহ্বান জনোৱা ২১ দিনীয়া লকডাউনত গৃহবন্দী হৈ পৰা লোকসকলৰ দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশৰ সাহায্য প্ৰক্ৰিয়াৰ লগত সংগতি ৰাখিয়েই এই ক্ষুদ্ৰ প্ৰয়াসেৰে সাহায্যখিনি আগবঢ়ায় কৰ্মচাৰীসকলে৷ প্ৰায় ৪০টা পৰিয়ালৰ মাজত ক্ৰমে, চাউল, দাইল, আলু নিমখ, চয়াবিন, বিস্কুট আৰু এটুকুৰাকৈ চাবোন বিতৰণ কৰা হয়৷













