ASSAM TIMES POST
ডিফু : ডিফুৰ পৰা ছ’চিয়েল মেডিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফটো বিকৃত কৰি বৰপেটাৰ দুই যুৱক গ্ৰেপ্তাৰ হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি বৰপেটাৰ পৰা ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ৰঙৰ কাম কৰিবলৈ অহা দুই যুৱক ক্ৰমে, ছানুৱাৰ আলি আৰু মিৰ হুছেইন নামৰ যুৱক দুজনে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো বিকৃত কৰাৰ লগতে আপত্তি জনক মন্তব্য কৰি ছ’চিয়েল মেডিয়াত আপলোড কৰাৰ পিছত বিষয়টো ভাইৰেল হৈ পৰে ৷
ছানোৱাৰ আলি নামৰ যুৱকজনৰ ফেইছবুক প্ৰফাইলত বিতৰ্কিত প’ষ্টটো দিয়া হৈছিল ৷ এই সন্দৰ্ভত ডিফু থানাত ভাৰতীয় দণ্ডবিধি আইনৰ 153/294/120B/500 IPC R/W67 IT act-ত ডিফু থানাত 81/2029 নম্বৰত গোছৰ ৰুজো কৰি দুয়োজন গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে ৷













