ASSAM TIMES POST
ডিফু : কাৰবি আংলঙ জিলাত লকডাউন দুদিনৰ বাবে শিথিল কৰাৰ ৬ এপ্ৰিল ২০২০ৰ এখন ভুৱা অৰ্ডাৰকলৈ সমগ্ৰ কাৰবি আংলং জুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি কোনো দুষ্ট চক্ৰই অসম চৰকাৰৰ ২৩ মাৰ্চৰ অধিসূচনা মৰ্মে অধিসূচনা নং HLA 248/2020/35 জৰিয়তে কাৰবি আংলং জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰাজেশন তেৰাঙ কৰ্তৃত্ব প্ৰদান কৰা বুলি জিলা দণ্ডাধীশ মুকুল কুমাৰ শইকীয়াৰ স্বাক্ষৰ জালিয়াতি কৰি ভুৱা অৰ্ডাৰ যোগে ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ অপচেষ্টা কৰিছে ৷

উক্ত অৰ্ডাৰটো ছ’চিয়েল মেডিয়াযোগে ভাইৰেল কৰি দিয়াৰ পিছতহে সমগ্ৰ ঘটনাটো পোহৰলৈ আহে ৷ ভুৱা নিৰ্দেশনাটোত উল্লেখ থকা অনুসৰি লকডাউনৰ বাবে ৰাইজৰ মাজত সৃষ্টি হোৱা সমস্যা দূৰ কৰাৰ বাবে আৰু জনসাধাৰ মন- মগজু সুস্থিৰ কৰাৰ বাবে ৭ আৰু ৮ এপ্ৰিল দুদিনৰ বাবে জিলাখনত লকডাউন শিথিল কৰিছে বুলি কোৱা হৈছে ৷
কিন্তু বিনাকাৰণত কোনো লোক, বাইক, মটৰ চাইকেল বা অইন যান- বাহনলৈ ঘূৰা- ফুৰা সীমান্ত এলেকাত বা স্থানীয় এলেকাত ঘূৰা – ফুৰা কৰিলে আইন অনুসৰি শাস্তি প্ৰদান কৰা হব বুলি উল্লেখ আছে অৰ্ডাৰটোত ৷ আনহাতে উক্ত অৰ্ডাৰৰ সত্যতা জিলা প্ৰশাসনে সমূলি নুই কৰিছে ৷













