ASSAM TIMES POST
ডিফু : লকডাউন চলি থকাৰ সময়ত কাৰবি আংলং জিলাত আৰক্ষীৰে সংঘৰ্ষত এজন অচিনাক্ত দূৰ্বৃত্ত নিহত হোৱাৰ লগতে অস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ আৰক্ষীৰ সূত্ৰত প্ৰকাশযে, বোকাজান মহকুমাৰ অধীনত খটখটী থানা অন্তৰ্গত কাৰাগাঁৱত আৰক্ষীৰ এটা টহলদাৰী দলৰ লগত ৪/৫ জনীয়া এটা বন্ধুকধাৰী দলৰে মুখামুখী সংঘৰ্ষ হয় ৷


আৰক্ষী দলটোৰ ওপৰত অতৰ্কিতে আক্ৰমণ চলোৱাত আৰক্ষীয়েও গুলীচালনা কৰে ফলত এজন দূৰ্বৃত্ত নিহত হয় ৷ নিহত যুৱক জনৰ পৰা খটখটী আৰক্ষীয়ে এটা অস্ত্ৰ উদ্ধাৰ কৰে ৷সংঘৰ্ষত বাকী কেইজন যুৱক পলাই যাবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি দলটো কোনো গঁড় চিকাৰী বা অচিনাক্ত কোনো সংগঠনৰ বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ বাতৰি লিখা পৰলৈকে নিহত যুৱকজন চিনাক্ত কৰিব পৰা হোৱা নাই ৷













