ASSAM TIMES POST
ডিফু :মাৰাত্মক কৰ’না ভাইৰাছৰ বিৰূদ্ধে চৰকাৰে আহ্বান জনোৱা লকডাউনৰ মাজতে ডিফুবাসীৰ বাবে ওলাইছে সুখবৰ ! এতিয়াৰে পৰা ঘৰত আবদ্ধ হৈ থাকিও আপুনি পাব সুলভ মূল্যৰ পাচলি ৷ গ্ৰেটাৰ ডিফু বজাৰ কমিটিয়ে লৈছে এই সিদ্ধান্ত ৷
৩০ মাৰ্চ সোমবাৰৰ পৰাই ডিফু চহৰৰ ১৪টা ৱাৰ্ডৰ ঘৰে ঘৰে দিয়া হব সুলভ মূল্যৰ পাচলি ৷ গ্ৰাহক সকলে পুৱা ৮ বজাৰ পৰা ১১ বজাৰ ভিতৰত ক্ৰমে বিদ্যাচিং ইংতি আৰু আৰ্ডিচন তিচ’ৰ ভ্ৰাম্যভাষ নম্বৰ ক্ৰমে 6003547349 আৰু 9101377451 নম্বৰতফোন কৰি অৰ্ডাৰ বুক কৰিব পাৰিব ৷ বিয়লি ২ বজাৰ পৰা সন্ধিয়া ৫ বজাৰ ভিতৰত অৰ্ডাৰৰ পাচলি যথাস্থানত প্ৰদান কৰা হব ৷
কেৱল নগধ ধনৰ বিপৰীতে বিতৰণ কৰিবলগীয়া পাচলিৰ বাবে গ্ৰাহক সকলে পাচলি কঢ়িওৱা আৰু পেকেটিঙৰ বাবে ১০ টকা ওপৰঞ্চি মাচুল ভৰিব লাগিব ৷ ৩০ মাৰ্চ ২০২০ সোমবাৰৰ বাবে বেঙেনা,গাজৰ,ফুলকবি, বন্ধাকবি,অমিতা,ফ্ৰেন্স বিনচ,ভেণ্ডি,নেমু জলকীয়া, আৰু লেচাৰ উপলব্ধ আছে বুলি জিলা তথ্য আৰু জনসংযোগ বিভাগে জানিবলৈ দিছে ৷













