ASSAM TIMES POST
কামৰুল খান
ডিফু : সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ ভাৰততো এই ভাইৰাছে পৃথিৱীৰ আন ঠাইৰ দৰে মহামাৰী ৰূপ ল’বলৈ ধৰিছে ৷ কৰ’না ভাইৰাছ সংক্ৰমণ হোৱাত প্ৰতিৰোধৰ অৰ্থে ৰাজ্যৰ মুখ্যমন্ত্ৰী, স্বাস্থ্য মন্ত্ৰীয়ে ক্ষিপ্ৰতাৰে চেষ্টা অব্যাহত ৰাখিছে ৷ শনিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাৰ্বি আংলং জিলাক সদৰ ডিফু পৰিভ্ৰমণ কৰে ৷ কৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ সজাগতা আৰু ল’ব লগা ব্যৱস্থাৰ ওপৰত মুখ্যমন্ত্ৰী সোণোৱালে পৰিস্থিতিৰ বুজ লয় ৷
উল্লেখ্য যে, মুখ্যমন্ত্ৰী সোণোৱাল শনিবাৰে বিয়লি ২.৩০ বজাত ডিফুত উপস্থিত হয় ৷ ইয়াৰ পিছতে ডিফুৰ আৱৰ্ত্ত ভৱনত কাৰ্বি আংলঙৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীৰ সৈতে আলোচনাত মিলিত হৈ পৰিস্থিতিৰ পৰ্যালোচনা কৰে ৷ এই আলোচনাৰ পিছত মুখ্যমন্ত্ৰী সোণোৱালে এক সাংবাদিক মেলত অংশগ্ৰহণ কৰি ২১ দিনীয়া লকডাউন অসমবাসীয়ে নিষ্ঠাৰে, শৃংখলাবদ্ধভাৱে আৰু পৰিষ্কাৰকৈ পালন কৰিবলৈ আহ্বান জনায় ৷

ইয়াৰ লগতে মুখ্যমন্ত্ৰী সোণোৱালে অসমৰ ৩৩খন জিলাৰ জনসাধাৰণৰ স্বাস্থ্য সুৰক্ষিত হৈ থকাৰ কামনা কৰে ৷ অসমৰ জনসাধাৰণৰ আশিষ লৈ কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজত নমাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, এই সময়ত প্ৰতিগৰাকী মানুহৰ মনত চেতনা সকলো সময়তে অটুট থাকিব লাগিব ৷ সামাজিক ব্যৱধানত গুৰুত্ব আৰোপ কৰিবলৈ উল্লেখ কৰি ঘৰৰ চৌহদত শৃংখলাবদ্ধতাৰে থাকিবলৈ আহ্বান জনায় ৷ সমাজখনক কৰ’না ভাইৰাছৰ পৰা মুক্ত কৰি ৰাখিবলৈ জনসাধাৰণে এই সময়চোৱাত ঘৰতে থাকিব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷
জিলা প্ৰশাসনে নিত্য প্ৰয়োজনীয় আৰু জৰুৰীকালীন সেৱাৰ বাবে ইতিমধ্যে উদ্যোগ লৈছে আৰু সৰ্বসাধাৰণ ৰাইজ যাতে খাদ্য বস্তুৰ অভাৱত নপৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি যোগান বিভাগে খাদ্য সামগ্ৰী যোগান ধৰাৰ সিদ্ধান্ত লৈছে বুলি সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় ৷ আনহাতে, স্বাস্থ্য বিভাগে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই দুৰ্যোগপূৰ্ণ মুহূৰ্তত বহু মন্ত্ৰী, সাংসদ, বিধায়ক, ব্যক্তি, প্ৰতিষ্ঠানে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ সাহায্য আগবঢ়াইছে ৷
মুখ্যমন্ত্ৰীয়ে সাহায্য আগবঢ়োৱাসকলক সংবাদ মেলত ধন্যবাদ জনাই কয়, স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত স্বাস্থ্য বিভাগে দিনে নিশাই বহু কষ্ট স্বীকাৰ কৰি বিভিন্ন পদক্ষেপ লৈছে ৷ প্ৰতিখন জিলাৰ স্বাস্থ্য কেন্দ্ৰবোৰত আগন্তুক দিনত উদ্ভৱ হ’ব পৰা যি কোনো পৰিস্থিতি মোকাবিলা কৰিবৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা লোৱা হৈছে ৷ অসম চৰকাৰৰ তৰফৰ পৰা পাঁচখনকৈ নতুন চিকিৎসালয় নিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱাৰ কথা সংবাদমেলত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে৷ অসমৰ জনগণক বীজাণু মুক্ত কৰা আৰু সুস্বাস্থ্যৰ অধিকাৰী হৈ থকাত চৰকাৰে গুৰুত্ব আৰোপ কৰাৰ কথা মুখ্যমন্ত্ৰী সোণোৱালে উল্লেখ কৰে ৷ আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডিফুত পদাৰ্পণ কৰিয়েই অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতালত থকা আইছ’লেছন ৱাৰ্ডটো পৰিদৰ্শন কৰা বুলি জানিব পৰা গৈছে ৷













