ASSAM TIMES POST
ডিফু : কাৰবি আংলং জিলা উপায়ুক্তই মুকুল কুমাৰ শইকীয়াই যোৱা ২৬ মাৰ্চৰ K/A DDMA/01/2020/159 নিৰ্দেশনা মৰ্মে জিলাখনত লকডাউনৰ মাজতে ৰাইজৰ সুবিধাৰ্থে কেতবোৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান খুলিবলৈ চৰ্ত সাপেক্ষে আগবঢ়োৱা পৰামৰ্শৱালীৰ ক্ষেত্ৰত আংশিক সাল- সলনি ঘটাইছে ৷
নিৰ্দেশনাটোত উল্লেখ থকা অনুসৰি আজি পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ অত্যাৱশ্যকীয় সামগ্ৰী গেলামাল, মাছ, মঙহ, পাচলি, ফল-মূল আৰু গাখীৰৰ পাইকাৰী বিক্ৰি অব্যাহত ৰাখিব পাৰিব ইয়াৰ বিপৰীতে উক্ত সামগ্ৰী সমূহৰ খুছুৰা বিক্ৰেতা সকলে পুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈ বিক্ৰি কৰিব পাৰিব বুলি নিৰ্দেশনাটোত উল্লেখ আছে ৷ দোকানী আৰু গ্ৰাহকৰ মাজত ১ মিটাৰ দূৰত্ব বজাই ৰখাৰ লগতে প্ৰয়োজনত চিহ্ন আঁকিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷
প্ৰতিজন গ্ৰাহক আৰু দোকান ষ্টাফৰ বাবে হেণ্ডৱাছ আৰু ছেনিটাইজাৰৰ সু ব্যৱস্থা দোকান সমূহত উপলব্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে ৷ দোকানৰ সন্মূখত বেছি ভিৰ হবলৈ নিদি ইয়াৰ লগতে দোকানৰ সামগ্ৰীত গ্ৰাহকে হাতেৰে স্পৰ্শ কৰিব নোৱাৰিব লগতে দোকানী বা দোকানৰ কৰ্মচাৰীয়ে সামগ্ৰী দিব পাৰিব ৷ সকলো দোকানীয়ে ন্যুনতম ষ্টাফলৈ দোকান চলাব লাগিব ৷
কৰ”না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত চৰকাৰে সতৰ্কতামূলক ব্যৱস্থাৰ বাবে গ্ৰহণ কৰা বিভিন্ন সময়ৰ সিদ্ধান্ত সমূহ দোকানী আৰু গ্ৰাহকে মানি চলাৰ বাবে বাধ্য থীকিবলৈ কঠুৰ নিৰ্দেশ প্ৰদান কৰে অন্যথা উপযুক্ত আইনৰ ধাৰাত শাস্তি বিহা হব বুলি নিৰ্দেশনাটোত উল্লেখ আছে ৷













