ASSAM TIMES POST
পশ্চিম কাৰ্বি আংলংঃ পশ্চিম কাৰ্বি আংলং জিলাৰ উপায়ুক্ত ছৈয়দ ইছফাকুৰ ৰহমানে এক নিৰ্দেশ যোগে জনাইছে যে পুৱা ১০ বজাৰ পৰা বিয়লি ৩ বজালৈ সমূহ গেলামালৰ দোকান খোলা থাকিব । ইয়াৰ বিপৰীতে বাকী সময়ত গেলামালৰ দোকানবোৰ সম্পূৰ্ণ বন্ধ থাকিব লাগিব । ইয়াৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ দোকানৰ সন্মূখত ১ মিটাৰ দূৰত্বত চাৰ্কোল অংকন কৰি গ্ৰাহকৰ ভিৰ কমাব লাগিব ।
আনহাতে, গেলামাল দোকানৰ মালিকে প্ৰয়োজন সাপেক্ষে শাক-পাচলি বিক্ৰীৰ ব্যৱস্থা কৰাৰ উপৰি দোকানত নিয়োগ কৰা কৰ্মচাৰী ৫০ শতাংশ হ্ৰাস কৰাৰ নিৰ্দেশ জাৰি কৰিছে । ক্ৰেতাসকলেও দোকানলৈ আহোতে বাহন আনিব নোৱাৰিব বুলি নিৰ্দেশ জাৰি কৰা হৈছে। ইফালে, এই নিৰ্দেশ ১৪ এপ্ৰিল পৰ্যন্ত বাহাল থাকিব আৰু এই নিৰ্দেশ উলংঘা কৰা ব্যৱসায়ীৰ বিৰুদ্ধে প্ৰশাসন কঠোৰ হোৱাৰ লগতে এনেলোকে জৰিমনা ভৰিব লগা হোৱাৰ লগতে জেʼললৈ যাবলগীয়া হ’ব বুলি নিৰ্দেশ পত্ৰত উল্লেখ আছে।













