ASSAM TIMES POST
ডিফু : পৃথিৱীৰ বুকুত ত্ৰাসৰ সৃষ্টি কৰা মাৰাত্মক কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ দেশজুৰি অহা ১৪ এপ্ৰিললৈকে আহ্বান জনোৱা লকডাউনৰ সিদ্ধান্তক সমগ্ৰ দেশৱাশীৰ লগতে তিনি পাৰ্বত্য জিলাই পূৰ্ণসমৰ্থন জনাই লকডাউন কাৰ্যকৰী কৰাৰ ফলত স্তব্ধহৈ পৰিছে জিলাখনৰ জনজীৱন ৷
কৰ’না ভাইৰাছৰ বিৰুদ্ধে দেশৰ লগত ঐক্যবদ্ধভাৱে যুঁজ দিবলৈ তিনি পাৰ্বত্য জিলা ক্ৰমে, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওৰ লোকে লকডাউনৰ সময়ছোৱাত নিজ ঘৰৰ চৌহদতে নিজ পৰিয়ালৰ সৈতে নিজকে আৱদ্ধ কৰি লৈছে। যদিও একাংশ কাণ্ডজ্ঞানহীন লোকে ৰাজপথলৈ ওলাই আহিছে সমগ্ৰ ব্যৱস্থাক ভেঙুচালি কৰা পৰিলক্ষিত হৈছে৷ ফলত জিলাখনৰ ডিফু, হাওৰাঘাট, বোকাজান ডকমকা আদি স্থানত সেইবোৰ লোকৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ হোৱা পৰিলক্ষিত হৈছে ৷ কোনো কোনো ঠাইত আইন নমনা লোকসকলক আৰক্ষীয়ে উত্তম মাধ্যম দি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলগীয়া হয় ৷
আনহাত সমগ্ৰ বিশ্বজুৰি কৰ’না আতংকই গ্ৰাস কৰি থকাৰ সময়ত লগতে চৰকাৰ, প্ৰশাসন, ৰাষ্ট্ৰযন্ত্ৰ উদ্বিগ্ন হৈ থকাৰ জটিল সন্ধিক্ষণত ডিফুত এজন আৰক্ষীৰ লোকৰ চৰম কাণ্ডজ্ঞানহীনতাৰ বাবে আৰক্ষীৰ লোকজন চাকৰিৰ পৰা নিলম্বন হোৱা কাৰ্যত চহৰখনত চাঞ্চল্যৰ সৃষ্টি হৈছে৷
প্ৰাপ্ত খবৰ অনুসৰি কাৰ্বি আংলং জিলা আৰক্ষীত কৰ্মৰত ডিফু আৰক্ষী ছাউনীৰ এবি কণিষ্টবল এজনৰ পুত্ৰ সুদুৰ তামিলনাডুত অধ্যয়নৰত আছিল ৷ যোৱা ২২ মাৰ্চত তেওঁৰ পুত্ৰ চেন্নাইৰ পৰা ডিফুত আহিছিল ৷ তেওঁৰ পুত্ৰ কৰ’না ভাইৰাছৰ আতংকৰ মাজতে ডিফুত অহাৰ পিছতে কণিষ্টবলজনে চেন্নাই পৰা অহা পুত্ৰজনৰ কোনোধৰণৰ স্বাস্থ্য পৰীক্ষা নকৰি বা কোৱাৰেণ্টাইন নকৰি বিষয়টো লুকুৱাই ৰখাৰ চেষ্টা কৰিলে ৷
এই কথা গম পাই কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে কণিষ্ঠবলজনৰ প্ৰতি কঠোৰ নীতি গ্ৰহণ কৰি চাকৰিৰ পৰা ২৫ মাৰ্চ, ২০২০ তাৰিখ, মেমো নম্বৰ ডিফু/ আৰডি/ ২০২০/৫১২ যোগে নিলম্বনৰ নিৰ্দেশ প্ৰদান কৰে ৷













