ASSAM TIMES POST
গুৱাহাটী, ২৫ মাৰ্চঃ ক’ৰনা ভাইৰাছত দ্বিতীয়তো আক্রান্তৰ খবৰ ওলাইছে উত্তৰ-পূৰ্বাঞ্চলত। মণিপুৰ পিছত এইবাৰ মিজোৰামত আক্ৰান্ত এগৰাকী ৫০ বছৰীয়া ব্যক্তি। আক্ৰান্ত হোৱা ব্যক্তিগৰাকীয় কিছুদিন পূৰ্বে ভ্ৰমণ কৰি আহিছিল বহু কেইখন দেশ। কাটাৰ, আমষ্টাড্ৰাম, ইস্তানবোল, ডোহা ভ্ৰমণ কৰিছিল বুলি উল্লেখ কৰিছে চিকিৎসকে।
প্ৰথম পৰীক্ষাত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাত দ্বিতীয় পৰীক্ষাৰ বাবে ব্যক্তিগৰাকীৰ তেজৰ নমুনা প্ৰেৰণ কৰা হৈছে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ। এই পৰীক্ষা ৰিজাল্টত নিশ্চিত হ’ব ব্যক্তিগৰাকী ক’ভিড-১৯ত আক্রান্ত হয় নে নহয়।
উল্লেখ যে, এই পৰ্যন্ত চৰকাৰী সূত্ৰই নিশ্চিত তথ্য প্ৰকাশ কৰা নাই কৰ’নাত আক্রান্ত ব্যক্তিগৰাকী ক’ভিড-১৯ত আক্রান্ত হয় নে নহয়।
গুৰুত্বপূৰ্ণ কথা এই যে মংগলবাৰে মণিপুৰৰ এগৰাকীৰ যুৱতীৰ দেহত ধৰা পৰিছিল ক’ৰনা ভাইৰাছৰ উপস্থিতি। যদি এই ব্যক্তিগৰাকী আক্রান্ত নিশ্চিত হয় তেন্তে উত্তৰ-পূৰ্বাঞ্চলত দুজনলৈ বৃদ্ধি পাব কৰ’না ভাইৰাছত আক্ৰান্ত।