ASSAM TIMES POST
ডিফু, ২৪ মাৰ্চঃ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ২৩৫ সংখ্যক বাজেট অধিবেশনৰ আজি সামৰণি পৰে ৷ আজি পুৱা পৰিষদৰ অধ্যক্ষ লংকি তিমুঙৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অধিবেশনত পৰিষদৰ হাতত ন্যস্ত থকা ৰাজ্যিক খণ্ডৰ পুঁজিৰ বাবে নিৰ্ধাৰিত বাজেট পৰিষদৰ বিত্ত দপ্তৰৰ দায়িত্বত থকা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সদনত উত্থাপন কৰাৰ পিছতে সৰ্বসন্মতিক্ৰমে, বাজেটখন গৃহীত কৰা হয় ৷ আজি উত্থাপিত হোৱা বাজেট অনুসৰি এছ অ’পিডি (প্লেন) শিতানত 46282’68 কোটি টকা ধাৰ্য কৰা হৈছে ৷
এই পুঁজিত পৰিয়াল কল্যাণ, সংহত শিশু উন্নয়ণ আঁচনি আৰু ডায়েটৰ 6326’86 লাখ টকাও অন্তৰ্ভূক্ত হৈ আছে ৷ লগতে কৰ্মচাৰীৰ দৰমহা তথা অনান্য ব্যয়ৰ বাবদ ৰাজ্য চৰকাৰক 90098’67 লাখ টকাৰ বাজেট প্ৰস্তাব কৰা হয় ৷
আনহাতে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সাংবাদিকৰ আগত কয় যে, কৰ’নাৰ বিৰুদ্ধে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে জিলাখনৰ সকলো আন্তঃৰাজ্যিক সীমান্ত আৰু আন্তঃজিলা সীমান্তসমূহ চীল কৰি দিয়া হৈছে বুলি জনাইছে ৷













