ASSAM TIMES POST
ডিফু : নিজৰ ৰোগগ্ৰস্থ বৃদ্ধা মাতৃক ডিফু, মেডিকেল কলেজ হাস্পাতালত চিকিৎসা কৰাবলৈ আহি সৰ্বস্বান্ত হ’ল এগৰাকী মহিলা ৷ চোৰে চুৰি কৰি নিয়ে ডিফু ৰুকাচেনৰ জয়শ্ৰী ৰাজবংশী নামৰ মহিলাগৰাকীৰ লক্ষাধিক টকাৰ সোণৰ গহনা, আ-অলংকাৰ, মোবাইল ফোন আৰু নথি-পত্ৰ ৷
ভুক্তভোগী মহিলাগৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়া অনুসৰি বৃহস্পতিবাৰে নিশা মহিলাগৰাকীয়ে নিজ ৰুগীয়া বৃদ্ধা মাতৃক হাপানী ৰোগৰ বাবে চিকিৎসকৰ পৰামৰ্শ মৰ্মে ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালত মেডিচিন বিভাগৰ মহিলা ৱাৰ্ডৰ ৬নং বিছনাত ভৰ্তি কৰে ৷
যোৱা নিশা ৰুগীয়া মাকৰ সৈতে চিকিৎসালয়খনৰ সংশ্লিষ্ট বিছনাখনত মহিলাগৰাকী নিদ্ৰামগ্ন অৱস্থাত মহিলাগৰাকীৰ লগত থকা প্ৰায় লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ থকা ভেনিটি বেগটো কোনো দুৰ্বৃত্তই চুৰি কৰি লৈ যায় ৷
চোৰে নিয়া ভেনিটি বেগটোত মহিলাগৰাকীৰ এটা অপ’ মোবাইল ফোন, 9565637532 নম্বৰৰ ছীম কাৰ্ড এটা সোণৰ চেইন এডাল, সোণৰ নেকলেছ এডাল, সোণৰ আঙুঠি তিনিটা, অসমীয়া কেঁচা গহনা এটা, সোণৰ কাণফুলি দুযোৰ, নগধ টকা ২৫০০ টকা আৰু এটা আধাৰ কাৰ্ড আছিল ৷
সাংবাদিকৰ আগত মহিলাগৰাকীৰ সোণৰ আ-অলংকাৰখিনি চুৰিৰ কথাৰ বিৱৰণী দি উচুপি উঠে ৷ নিজৰ বেমাৰী মাতৃৰ চিকিৎসা কৰিবলৈ আহি চোৰৰ হাতত নিজৰ বহু কষ্টোপাৰ্জিত আ-অলংকাৰখিনি হেৰুৱাই সৰ্বস্বান্ত হৈ পৰে মহিলাগৰাকীয়ে৷ এই সন্দৰ্ভত ডিফু থানাত ভাঃদঃবিঃ আইনৰ ৩৮০ ধাৰাত ৭৩/২০২০ নম্বৰত এক গোছৰ ৰুজো দি তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷













