ASSAM TIMES POST
ডিফু : সমগ্ৰ বিশ্বত মহামাৰীৰ ৰূপ লোৱা ভয়াবহ ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে লোৱা সতৰ্কতামূলক ব্যৱস্থাৰ লগত সংগতি ৰাখি আজিৰ ডিফুৰ চন্দ্ৰছিং টেৰণ হাইস্কুলতো অভিভাৱক আৰু ছাত্ৰ- ছাত্ৰীৰ মাজত কৰ’না ভাইৰাছ সন্দৰ্ভত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী অৰুণিমা পাঠকৰ তদাৰকত এক সজাগতা সভা অনুষ্ঠিত হৈ যায় ৷
সভাখনত বিদ্যালয়খনৰ পৰিচালনাৰ সভাপতি মজাহাৰুল ইছলাম, এবি মেম’ৰিয়েল এলপি স্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক মানিক চন্দ্ৰ ভাওয়েল আৰু বিজ্ঞান শিক্ষক ছি ইম তেৰাঙে কৰ’না ভাইৰাছ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত কেনেধৰণৰ সতৰ্কতামূলক আৰু বিজ্ঞান সন্মত প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰি তাৰ ওপৰত বিস্তৃত বাখ্যা আগবঢ়োৱাৰ লগতে ক্ষন্তেক সময়ৰ মূৰে মূৰে বীজানুনাশক দ্ৰব্যৰে হাত ধুই পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাৰ লগতে কাইলৈ হবলগীয়া জনতা কাৰ্ফু পালন কৰি সংযম আৰু সংকল্পমনাৰ পৰিচয় দিবলৈ আহ্বান জনায় ৷
আনহাতে আজিৰ সজাগতা সভাত অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী সকলক দূৰত্ব বজাই ৰখা আৰু ছেনিটাইজেছনৰ ওপৰতো প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ সভাত বিদ্যালয়খনৰ এছএমচিৰ সদস্য আৰু কেইবাগৰাকী বিষয় শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে ৷ সভাৰ শেষত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চৰকাৰৰ নিৰ্দেশ অনুসৰি ১৪ দিনৰ বাবে মধ্যাহ্ন ভোজনৰ চাউল বিতৰণ কৰা হয় ৷