ASSAM TIMES POST
ডিফু : কাৰ্বি পাহাৰত কৰ’ণা অাতংক। ডিফুত এজনৰ দেহত কৰ’ণা ভাইৰাছৰ সন্দেহ। লোকজনৰ ঘৰ ডিফুৰ মাটপুং ৰংছ’পীত। সন্তানৰ চিকিৎসাৰ বাবে পত্নীৰ সৈতে এলাহাবাদত আছিল গৈ লোকজন। প্ৰায় দুমাহ ধৰি এলাহাবাদত আছিল তিনি জনীয়া পৰিয়ালটি। ১৬ মাৰ্চত এলাহাবাদৰ পৰা আহি ঘৰ পায়হি লোকজন।
ঘৰলৈ আহি থকা অৱস্থাত চৰ্দি, কাহ ,জ্বৰত আক্ৰান্ত হৈছিল লোকজন।এই খবৰৰ পাছতেই শুক্ৰবাৰে লোকজনৰ ঘৰত উপস্থিত হয়গৈ আৰক্ষীৰ সৈতে এটি চিকিৎসকৰ দল। আৰু পৰিয়ালটিক ঘৰতে ১৪ দিন থকাৰ নিৰ্দেশ দিয়ে। পিচে কৰ’ণা ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত কিমান দ্বায়িত্বশীল স্বাস্থ্য বিভাগ।
কিয়নো গৃহবন্দী কৰা পৰিয়ালটোৰ চোৱা- চিতাৰ দ্বায়িত্ব চিকিৎসক অথবা চিকিৎসা কৰ্মীয়ে গ্ৰহন কৰাৰ বিপৰীতে অৰ্পণ কৰিলে গাঁওবাসীক।কিন্তু চোৱা-চিতাৰ দ্বায়িত্ব দিয়া গাঁওবাসীক মাস্ক যোগান ধৰিবলৈ অপাৰগ স্বাস্থ্য বিভাগ। গাঁওবাসীয়ে তেওঁলোকৰ সুৰক্ষাৰ বাবে মাস্ক বিচৰাত পৰ্যাপ্ত পৰিমাণৰ মাস্কৰ যোগান নাই বুলি চিকিৎসকৰ দলটোৱে কোৱা বুলিও অভিযোগ কৰিছে।
স্বাস্থ্য বিভাগৰ এনে কাণ্ডত এতিয়া আতংকিত হৈ পৰিছে গাঁওবাসী। সেয়েহে শীঘ্ৰেই পৰিয়ালটিক আইছ’লেচনত ৰখাৰ ব্যৱস্থা কৰিবলৈ স্বাস্থ্য বিভাগটোৰ লগতে জিলা প্ৰশাসনৰ প্ৰতি আহ্বান জনাইছে গাঁওবাসীয়ে।













